ASSAM TIMES POST
গুৱাহাটীঃ পুনৰ ৰাজ্য সভালৈ মনোনীত হ’ব ভূৱনেশ্বৰ কলিতা।
কংগ্ৰেছ এৰাৰ লগতে সাংসদ পদো ত্যাগ কৰা ভূৱনেশ্বৰ কলিতাক এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে উচ্চ সদনলৈ মনোনীত কৰিব।
সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত উত্তৰ পূব গণতান্ত্ৰিক মৰ্চা চমুকৈ নেডাৰ বৈঠকত ভাগ লৈয়ে এই কথা ব্যক্ত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু ভাজপাৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে।
উল্লেখ্য চলিত বৰ্ষৰ ৫ আগষ্টত সাংসদ পদ ত্যাগ কৰি ৯ আগষ্টত বিজেপিত যোগদান কৰিছিল কলিতাই।













