ASSAM TIMES POST
গুৱাহাটীঃ ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম চমুকৈ এনএইচপিচিয়ে পুনৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বিৰোধিতাৰে সোমবাৰে গোগামুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চাৰিখন জিলা সমিতিয়ে।
ইয়াত প্ৰতিবাদকাৰীসকলে ‘এনএইচপিচি হুঁচিয়াৰ’, ‘নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব’, ‘কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ হায় হায়’ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
ইয়াত উক্ত চাৰি জিলাৰপৰা যুৱ-ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলৰ লগতে সচেতন নাগৰিক তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ইফালে সোমবাৰৰ দিনাই একেই দাবীৰে লখিমপুৰৰ লালুকত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে টাই আহোম যুৱ-ছাত্ৰ সন্মিলনে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ চমুকৈ এনজিটিৰপৰা সেউজ সংকেত লাভৰ পাছৰ পৰাই এনএইচপিচিয়ে পুনৰ নদীবান্ধটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। ইয়াৰ মাজতে ৰাজ্য চৰকাৰখনেও সহমত পোষণ কৰাতে ইয়াৰ বিৰুদ্ধে প্ৰৱল প্ৰতিৰোধ সংগ্ৰাম অব্যাহত ৰাখিছে যুৱ-ছাত্ৰ পৰিষদে।













