ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ যোৱা ৫ ছেপ্তেম্বৰত গুৱাহাটীত চৰকাৰীভাৱে আয়োজিত শিক্ষক দিৱসত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ‘ব্ৰেণ্ডেড ইউনিফৰ্ম’ দিবলৈ চিন্তা কৰি থকাৰ বাবেই এই বছৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া ইউনিফৰ্ম দিয়াত অলপ পলম হোৱা বুলি কৰা ঘোষণাই ইউনিফৰ্মৰ বাবে অনন্ত প্ৰতীক্ষাৰত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শিক্ষাবৰ্ষৰ দহ মাহতো প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিবলৈ সক্ষম নহ’ল বিনামূলীয়া চৰকাৰী ইউনিফৰ্ম আৰু এনে সময়তে শিক্ষা মন্ত্ৰী গৰাকীৰ উক্ত বক্তব্যই ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু জন সাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে চলিত বৰ্ষৰ যোৱা ৩০ মাৰ্চ তাৰিখে বাতৰি কাকতত বিজ্ঞাপন যোগে প্ৰকাশ কৰা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগে এচ এচ এ স্কুল ইউনিফৰ্ম জি অ’ এ/১০৭৯/৭৪৬২ প্ৰসংগ নম্বৰ জাননী অনুসৰি ছাত্ৰ ছাত্ৰীৰ বাবে ইউনিফৰ্ম যোগানৰ ক্ষেত্ৰত আগ্ৰহীদাৰৰ পৰা আহ্বান কৰা যোগান আগ্ৰহ প্ৰকাশ (Expression of Interest) ৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ত ডব্লিউ পি (চি) ১৯৮৪/২০১৯ গোচৰ পঞ্জীয়ন ভুক্ত হৈছে আৰু যোৱা ২৯ মাৰ্চ তাৰিখে আদালতে আবেদন পৰীক্ষা কৰাৰ অনুমতি প্ৰদান কৰিছে যদিও কোনো ধৰণৰ কাৰ্যাদেশ জাৰি কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে বুলি উল্লেখ আছে।

এই ক্ষেত্ৰত গোচৰৰ চূড়ান্ত ৰায় নিদিয়া পৰ্যন্ত সংশ্লিষ্ট বিষয়ত কোনো ধৰণৰ কাৰ্যাদেশ জাৰি নকৰিবলৈ, একাউণ্টত জমা হোৱা ধন খৰচ নকৰিবলৈ, গোচৰ নিষ্পত্তিৰ পিছত চৰকাৰৰ কৰ্তৃত্বশীল অধিকাৰীৰ আদেশৰ পিছতহে ইউনিফৰ্ম ক্ৰয়ৰ সিদ্ধান্ত ল’বলৈ, সেই সময়ত নিৰ্বাচনী আচৰণ বিধি বলবৎ থকাত কোনো নিবিদা জাৰি নকৰিবলৈ বিদ্যালয় সমূহক সতৰ্ক কৰি দিয়া হৈছিল।
কিন্তু এই গোচৰৰ বিষয়ে এবাৰো উল্লেখ নকৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে কেৱল ব্ৰেণ্ডেড ইউনিফৰ্ম দিয়াৰ প্ৰচেষ্টা চলাই থকাৰ বাবেহে অলপ পলম হোৱা বুলি উল্লেখ কৰা কথাৰে জন সাধাৰণক মূল কথাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা যেন পৰিলক্ষিত হ’ল। সৰ্বশিক্ষা অভিযান মিছনৰ মিছন সঞ্চালক, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব স্বাক্ষৰিত এই নিৰ্দেশনাৰ পিছত সৰ্বশিক্ষা অভিযান মিছন আৰু প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগে গোচৰটোৰ ৰায় দিয়াৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ সৈতে কেনে যোগাযোগ কৰিলে অথবা শিক্ষা মন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা ল’লে সেয়া কিন্তু এই পৰ্যন্ত ৰহস্যৰ আৱৰ্ততে থাকিল।
ইফালে চলিত বছৰৰ প্ৰথম ভাগতে ইউনিফৰ্মৰ বাবে বৃহৎ অংকৰ ধন বিদ্যালয় সমূহৰ একাউণ্টত সোমোৱাৰ বিষয়টো কেৱল প্ৰধান সকলৰেই নহয়, বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট আৰু প্ৰতিগৰাকী অভিভাৱকৰে জ্ঞাত। কিন্তু ব্ৰেণ্ডেড ইউনিফৰ্ম যোগান নধৰাৰ বাবেই ইউনিফৰ্ম যোগানত অলপ পলম হোৱা বুলি সমষ্ট দোষ যেন বিদ্যালয় সমূহৰ মূৰব্বীলৈ ঠেলি দিয়া হৈছে । উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ কথা জ্ঞাত কৰাৰ বিপৰীতে এনে ব্ৰেণ্ডেড ইউনিফৰ্মৰ প্ৰসংগৰ অৱতাৰণাইও এক বিতৰ্কৰ সূচনা কৰিছে।













