নিউজ ডেস্কঃ
কৰ দাতাসকলৰ বাবে ডাঙৰ স্বস্তিত। কোভিড পৰিবেশত কোনো কোম্পানীয়ে তেওঁলোকৰ কৰ্মচাৰীক চিকিৎসাৰ বাবে যি পৰিমাণৰ অর্থ সাহায্য দিব, ঠিক সেই পৰিমাণৰ ধনৰ আয়কৰ ৰেহাই পাব। শুকুৰবাৰে এই ঘোষণা কৰে কেন্দ্রই। আনকি কৰোনাত নিহত কৰ্মচাৰীৰ পৰিয়ালক আর্থিক সাহায্যৰ ক্ষেত্রতো একেই ৰেহাই পাব। শুক্রবাৰে এইকথা জনাইছে কেন্দ্রীয় বিত্ত ৰাজ্যিক মন্ত্রী অনুৰাগ ঠাকুৰে। লগতে কোৱা হৈছে, যিসকলে প্ৰত্যক্ষ কৰ দিয়ে, তেওঁলোকৰ বাবে প্ৰস্তুত কৰা প্রকল্প ‘বিবাদ সে বিশ্বাস’ৰ ম্যাদ বৃদ্ধি কৰা হৈছে। ৩১ আগষ্ট পর্যন্ত এই আঁচনিত কৰ জমা দিব পাৰিব। এতিয়া কৰদাতাসকলে ৩১ অক্টোবৰৰ ভিতৰত নিজৰ কৰ জমা দিব পাৰিব। অতিৰিক্ত ধন দিব নালাগে।