ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাট লায়ন্স ক্লাবৰ উদ্যোগত এটি দেওবাৰে সমাজ হিতৈষী শৈক্ষিক প্ৰকল্পৰ শুভাৰম্ভণি কৰা হয় ।
ইয়াৰ যোগেদি গোলাঘাট নগৰৰ চৰকাৰী বিদ্যালয়সমূহৰ অাৰ্থিকভাৱে পিছপৰা মেধাবী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক তথা ব্যক্তিত্ব বিকাশৰ কাৰ্যসূচী হাতত লোৱা হৈছে৷ এই ছাত্ৰ ছাত্ৰী সকলক ক্লাবৰ সদস্য সদস্যা সকলে বিনামূলীয়াকৈ বিভিন্ন বিষয়ৰ পাঠদানৰ লগতে কেৰিয়াৰ তথা ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত জ্ঞান প্ৰদান কৰিব।
লায়ন ৰবি জয়চোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উন্মোচনী সভাত সদস্য সদস্যাসকলে ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰে আৰু পাঠদানৰ নিয়মাৱলীৰ বিষয়ে জানিবলৈ দিয়ে । বহু কেইজন জ্যেষ্ঠ লায়ন সদস্যই এই সভাত বহুমূলীয়া বক্তব্য আগ বঢ়াই।
উল্লেখযোগ্য যে গোলাঘাট লায়ন্স ক্লাবে বহু কেইটা শৈক্ষিক প্ৰকল্পৰ যোগেদি অতীজৰে পৰা অঞ্চলটোৰ শৈক্ষিক উত্তৰণৰ দিশত নিৰবচ্ছিন্নভাবে কাম কৰি আছে।













