![]()
নিউজ ডেস্কঃ
নতুন কোভিড হস্পিটেল নিৰ্মাণ হ’ল মুম্বাইত। ২ হাজাৰ ১৭০ বিছনাবিশিষ্ট কোভিড হস্পিটেলখন নিৰ্মাণ কৰা হৈছে মাত্র ৩৫ দিনত।
মুম্বাইৰ মালাড এলেকাত জার্মান প্রযুক্তিত নিৰ্মাণ হৈছে পৰিবেশ-বান্ধৱ এই কোভিড হস্পিটেল। উক্ত হস্পিটেলৰ ৭০ শতাংশ বিছনাতেই আছে অক্সিজেনৰ ব্যৱস্থা। ৩৮৪ বিছনাৰ আইছলেচন কোঠাও নিৰ্মাণ কৰা হৈছে তাত। ২০ বিছনাৰ ডায়েলাইছিছ ইউনিটো আছে।
শিশুসকলৰ চিকিৎসাৰ বাবেও বিশেষ ব্যৱস্থা আছে উক্ত হস্পিটেলখনত। শিশুসকলৰ বাবে আছে ৪২খন আইচিইউ বিছনা।
সোমবাৰে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেৰ উপস্থিতিত উদ্বোধন কৰা হয় হস্পিটেলখন। মুম্বাই মেট্রোপলিটান ৰিজিঅন ডেভেলপমেন্ট অথৰিটি (এমএমআৰডিএ)ৰ তত্ত্বাৱধানত নিৰ্মাণ হৈছে এই কোভিড হস্পিটেল। অৱশ্যে ইয়াক চোৱাচিতা কৰিব বৃহন্মুম্বাই মিউনিচিপাল কর্পোৰেচনে (বিএমচি)।
জানিব পৰা মতে, এই হস্পিটেলখন নিৰ্মাণত খৰচ হৈছে ৫৭ কোটি টকা। চিকিৎসাৰ বিভিন্ন সৰঞ্জামৰ বাবে খৰচ হৈছে ৩৩ কোটি টকা। সকলো মিলাই ৯০ কোটি টকা খৰচ হৈছে এই হস্পিটেলখন নিৰ্মাণত।












