![]()
নিউজ ডেস্কঃ
দেশৰ সর্বোচ্চ নাগৰিকেও কৰ দিয়ে। আৰু সেই কৰ দিবলৈ গৈ দৰমহাৰ ৫৫ শতাংশ ওলাই যায়। এই কথা কৈছিল দেশৰ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে। উত্তৰ প্রদেশ ভ্ৰমণলৈ গৈ কোবিন্দে দাবী কৰে, তেওঁৰ দৰমহা ৫ লাখ টকা। কিন্তু কৰ দিবলগা হয় ৩.১৫ লাখ টকা। আৰ তাৰ পৰা যি বাচে, চৰকাৰী বিষয়া বা শিক্ষকসকলৰ দৰমহাও আনকি তাতকৈ বেছি।
শনিবাৰে কানপুৰৰ ঝীঞ্ঝক ৰে’ল ষ্টেচন আয়োজিত এক অনুষ্ঠানত কোবিন্দে কৈছিল, ‘ৰাষ্ট্রপতি দেশৰ সর্বোচ্চ দৰমহাপ্রাপ্ত কর্মচাৰী। কিন্তু ৰাষ্ট্রপতিয়ে কৰোতো দিয়ে! মাহত তিনি লাখ টকাৰ অধিক কৰ দিয়ে। বহুতে ক’ব পাৰে যে, আপোনাৰ দৰমহাওতো পাঁচ লাখ টকা! কিন্তু তাৰ পৰাতো প্রতি মাহে ৩ লাখ ১৫ হাজাৰ টকা ওলাই যায়৷ তাৰ পৰা আৰু থাকে কিমান? কৰ দি যি বাচে, বহু বিষয়াই তাতকৈ বহু বেছি উপাৰ্জন কৰে। আনকি শিক্ষকসকলেও বেছি পায়।’
বিভিন্ন দাবীত যিসকলে আন্দোলন কৰে, ৰে’ল-বাছত অগ্নিসংযোগ কৰে, তাত তেওঁৰ দৰে কৰদাতাসকলৰেই লোকচান হয় বুলিও মন্তব্য কৰে কোবিন্দে।
ৰাষ্ট্ৰপতিৰ এই মন্তব্যতেই এতিয়া বিতর্কৰ সূত্ৰপাত ঘটিছে। কাৰণ আইন অনুযায়ী, দেশৰ সর্বোচ্চ পদাধিকাৰী ৰাষ্ট্রপতিৰ দৰমহা কৰৰ অধীনত নপৰে। অৱশ্যে ৰাষ্ট্রপতিয়ে দৰমহা পায় নে ভাট্টা পায় সেই সন্দৰ্ভত কেন্দ্রই কোনো তথ্য প্রকাশ কৰা নাই। এই সন্দৰ্ভত আয়কৰ আইনেও স্পষ্টকৈ একো কোৱা নাই। সেয়ে ৰাষ্ট্রপতিয়ে দৰমহাৰ ওপৰত কৰ দিয়েনে নিদিয়ে, সেই সন্দৰ্ভত সন্দেহ আছে।
আনহাতে, ভাৰতৰ ৰাষ্ট্রপতিয়ে যি যি সুবিধা পায়, সেয়া হ’ল আজীৱন বিনামূল্যে স্বাস্থ্য আৰু আবাসন সেৱা। পদত থকা সময়তো ৰাইচিনা হিলৰ কোনো খৰচেই ৰাষ্ট্রপতিয়ে বহন কৰিবলগা নহয়। কাৰণ কেন্দ্রীয় বাজেটতেই ৰাষ্ট্রপতি ভৱনৰ বাবে পৃথককৈ ২০০ কোটিৰ বেছি আবণ্টন কৰা হয়, যাৰ ভিতৰত ৰাষ্ট্রপতি, তেওঁৰ কর্মচাৰী আৰু ৰাষ্ট্রপতি ভৱনত কর্মৰতসকলৰ ভাট্টাৰ বাবদ ৮০ কোটিও ৰখা হয়। ইয়াৰ মাজতে কৰোনা সঙ্কটত চৰকাৰী খৰচ বচাবলৈ ২০২০ চনত ১২ মাহৰ বাবে নিজৰ দৰমহাৰ ৩০ শতাংশ কম লোৱাৰ সিদ্ধান্ত লয় তেওঁ।
সেয়ে চৰকাৰী বিষয়া বিশেষকৈ শিক্ষকসকলৰ উপাৰ্জন তেওঁতকৈ বেছি বুলি দাবী কৰাত বিতর্ক আৰম্ভ হৈছে। এই সন্দৰ্ভত কংগ্রেছে প্রশ্নও উত্থাপন কৰিছে।












