![]()
নিউজ ডেস্কঃ
বুধবাৰে মন্ত্ৰীসভাৰ সৈতে বৈঠকত বহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী৷ বৈঠকত দেশৰ কোভিড পৰিস্থিতি সন্দৰ্ভত আলোচনা হ’ব পাৰে। লগতে বহু মন্ত্রীৰ ‘ৰিপোর্ট কার্ড’ও পৰীক্ষা কৰি চোৱা হ’ব পাৰে বুলি সূত্রৰ খবৰ। আনহাতে, মুখ্যমন্ত্ৰীৰ পদবীৰ পৰা আঁতৰি অহা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা সন্দৰ্ভতো আলোচনা তথা সিদ্ধান্ত হ’ব পাৰে বুলি একাংশৰ মত৷
বৈঠকৰ পূৰ্বে সকলোতকৈ বিছি চৰ্চিত হৈছে, মন্ত্ৰীসভাৰ সালসলনিৰ বাবেই কি এই বৈঠক অনুষ্ঠিত হ’ব নেকি? উল্লেখ্য, মোদীৰ মন্ত্ৰীসভাত বর্তমান ৬০ জন মন্ত্রী আছে। সেই সংখ্যা বৃদ্ধি কৰা হ’ব পাৰে বুলিও সূত্রৰ খবৰ। অৱশ্যে সেই সংখ্যা কিমান হ’ব, তাত কোনে কোনে স্থান পাব তাক লৈ জল্পনা বাঢ়িছে।












