![]()
ছিয়াং জিলাৰ সদৰ পাংগিঙৰ পৰা বলেঙ হৈ চীন সীমান্ত টুটিং লৈ সংযোগী ঘাইপথচোৱাৰ ওপৰত নিৰ্মাণ কৰা দলং ভাঙি সীমান্ত পথ নিৰ্মাণকাৰী সংস্থাৰ এখন ডাম্পাৰসহ মুঠ ৩ জন ব্যক্তি চিয়ম নদীৰ সোঁতত উটি যায়। ছিয়াং আৰু চিয়ন দুখন নদীৰ সঙ্গম স্থলী সংগম নামৰ স্থানত দুপৰীয়া ভাগত BROৰ এখন ডাম্পাৰ পাংগিঙৰ পৰা বলেং লৈ পাৰ হোৱাৰ সময়তে লোহাৰ দলংখন ভাঙি নদীৰ বুকুত পৰি যায়। সংগম দুখন নদীৰ প্ৰৱল সুঁতত নিমিষতে ডুবি যায়। কিমানজন আছিল, কি হৈছিল সেই বিষয়ে স্পষ্ট হোৱা নাই। ছিয়াং জিলা প্ৰশাসনে বিষয়টো তদন্ত কৰি আছে। চৰকাৰী অনুসন্ধানৰ পৰা প্ৰকৃত তথ্য পোহৰলৈ আহিব।












