![]()
অজন্তা তালুকদাৰ
বোকাখাত : ৰাজ্যখনৰ এগৰাকী বিশিষ্ট ক্রীড়া সংগঠক, ফুটবল আৰু ভলীবলৰ ৰাজ্যিক পৰ্যায়ৰ প্রাক্তন ৰেফাৰী বোকাখাত ৰজাবাৰীৰ অৱসৰপ্ৰাপ্ত শিক্ষক নগেন বৰা(৬৫)ৰ ৩০ জুনৰ পুৱা যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পটালত পোষ্ট কভিডজনিত ৰোগত মৃত্যু হয়। বৰা কভিডত আক্ৰান্ত হৈ বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ কভিড কেয়াৰ চেণ্টাৰত যোৱা ৭ জুনৰ পৰা চিকিৎসাধীন হৈ আছিল ৷ পাছত ১৩ জুনত বৰাক উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় আৰু ১৬ জুনত কভিড নিগেটিভ ৰিপ’ৰ্ট আহে। কিন্তু সেইদিনাই পুনৰ উন্নত চিকিৎসাৰ বাবে তেওঁক জেএমচিলৈ প্ৰেৰণ কৰা হয়। তাতে ১৭ জুনত পুনৰ পজিটিভ ধৰা পৰে।
অৱশ্যে ২৪ জুনত নিগেটিভ ৰিপ’ৰ্ট আহে। তাৰ পাছৰে পৰা প’ষ্ট কভিড চিকিৎসা চলি আছিল বৰাৰ। কিন্তু ৩০ জুনৰ পুৱা ৭:৩০ বজাত স্বাস্থ্যৰ অধিক অৱনতি ঘটি মৃত্যু ঘটে বৰাৰ। প্ৰয়াত বৰাৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা দিনাৰ পৰা তেওঁৰ লগতে তেওঁৰ পৰিবাৰ অঞ্জু বৰাও কভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।
উল্লেখযোগ্য যে ৰাজ্যৰ ফুটবল আৰু ভলীবলৰ ৰাজ্যিক পৰ্যায়ৰ ৰেফাৰীৰূপে ৮০-৯০ৰ দশকত খেল পৰিচালনাৰে অসম ফুটবল আৰু অসম ভলীবল সংস্থাক বিশেষভাৱে অৰিহণা যোগোৱা নগেন বৰাই বিগত প্রায় ১৯ বছৰ বোকাখাত ক্রীড়া সন্থাৰ লগত ওতঃপ্রোতভাবে জড়িত থকাৰ উপৰি ফুটবল শাখাৰ সম্পাদক আৰু বোকাখাত ৰেফাৰী ব’ৰ্ডৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল৷ বৰা নুমলীগড় ফুটবল একাডেমিৰ পৰিচালক তথা সদৌ অসম ফুটবল প্রশিক্ষক সংস্থাৰ কোষাধ্যক্ষ, ফুটবলৰ এ এফ চি ডি লাইচেন্সপ্রাপ্ত প্রশিক্ষক চিন্ময় বৰাৰ পিতৃ।
উল্লেখ্য যে ক্ৰীড়াৰ দৰে বৃহৎ ক্ষেত্ৰখনৰ লগতে সামাজিক ক্ষেত্ৰতো জড়িত হৈ থকা বৰাই এদিনো ছুটি নোলোৱাকৈ চাকৰিৰ কাল পাৰ কৰিছিল। কোভিড আক্ৰান্ত হোৱাৰ আগলৈকে দিনে ৮ কিঃমিঃকৈ দৌৰিছিল বৰাই। উল্লেখ্য যে কভিডৰ তীব্ৰ গণসংক্ৰমনত বৰ্তমান কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষিত বোকাখাত মহকুমাটোত কভিডৰ দৌৰাত্ম্য দেখিও গুৰু গোঁসাই নমনা কভিড প্ৰটকল উলংঘাকাৰী এচামক বৰাৰ মৃত্যুয়ে এতিয়া তভক খুৱাইছে। কিয়নো শাৰিৰীকভাৱে শক্তিশালী, কভিডাক্ৰান্ত হোৱাৰ আগমুহূৰ্তলৈকে নিয়মিত দিনে আঁঠ কিলোমিটাৰকৈ দৌৰি শৰীৰ চৰ্চা কৰা ষাঠিৰ উৰ্দ্ধৰ যুৱকগৰাকীৰ স্বাস্থ্যৰ অৱনতিৰ কাৰণো কভিডৰ দৰে ভয়াবহ ভাইৰাচবিধেই। বৰাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকস্তব্দ্ধ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
আনহাতে বোকাখাতৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাইও গভীৰ শোক প্ৰকাশ কৰে। লগতে অসম ফুটবল প্রশিক্ষক সন্থা, বোকাখাতৰ ক্ৰীড়াপ্রেমী ব্যক্তি প্রমুখ্যে নুমলীগড় ফুটবল একাডেমিৰ খেলুৱৈ তথা কর্মকর্তা তথা ক্রীড়া সংগঠন আৰু ক্ৰীড়া সংগঠকসকল, বোকাখাত জিলা মাষ্টাৰ্চ এথেলেটিক্স সন্থা, অসম ৰাজ্যিক সাংবাদিক সংস্থা, সদৌ অসম কবি সন্মিলন, ৰজাবাৰী হাইস্কুল, বোকাখাত মহকুমা সাংবাদিক সংস্থা, কাজিৰঙা নিউজ নেটৱৰ্ক, কে এন এন বোকাখাত লাইভ, বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাৱ, ইমজা বোকাখাত, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, বোকাখাত জিলা ক্ৰীড়া সন্থা, কুৰুৱাবাহী যুৱক সংঘ, বোকাখাত মহকুমা প্ৰশাসন, ৰজাবাৰী ব্যৱসায়ী সন্থা, গোলাঘাট জিলা কবি সন্মিলন (সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত), বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত পুৱতি সাহিত্য সভা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত শাখা, ৰজাবাৰী ক্ৰীড়া সংস্থা, ৰজাবাৰী অংকুৰণ শাখা সাহিত্য সভা, বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলনী, বোকাখাত নাট্যমন্দিৰ, বোকাখাত ৰূপজ্যোতি সংঘ, সাৰথি নাট্যগোষ্ঠী বোকাখাত, অৰুণ পাব্লিকেশ্যনকে ধৰি বিভিন্ন ব্যক্তি আৰু সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ৷
মৃত্যুৰ সময়ত বৰাই পত্নী অঞ্জু বৰা, পুত্ৰ চিন্ময় বৰা, কন্যা ময়ূৰী দাস বৰাৰ লগতে জোঁৱাই, বোৱাৰী, নাতি নাতিনী, পৰিয়াল স্বজন আৰু অলেখ গুণমুগ্ধক এৰি থৈ গৈছে। বৰাৰ মৃত্যুত সমগ্ৰ বোকাখাত অঞ্চলত শোকৰ ছাঁ পৰিছে।













