![]()
অজন্তা তালুকদাৰ
বোকাখাত : ৰাজ্যখনৰ ভিতৰতে কন্টেইনমেন্ট জ’ন ঘোষণা কৰা বোকাখাত মহকুমাত অব্যাহত আছে ক’ভিড ১৯ৰ গণ সংক্ৰমণ আৰু কালি ৮ শতাংশলৈ হ্ৰাস পাইছিল যদিও আজি পুনৰ ১২৫ জনৰ কভিড পজিটিভ ধৰা পৰে। পজিটিভিটিৰ হাৰ ৮ শতাংশ। ইয়াকে লৈ ৩৩৭১ লৈ বৃদ্ধি পালে মহকুমাটোত ক’ভিড আক্ৰান্তৰ মুঠ সংখ্যাই ৷ বোকাখাতৰ বিভিন্ন চাহ বাগিচাৰ আজি ২৮ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে। আজি আক্ৰান্তসকলৰ গাঁৱৰ কভিড কেয়াৰ চেন্টাৰত ৭৯ জন, কমলামিৰি চিকিৎসালয়ত ৮ জন আৰু বাগিচাৰ কেন্দ্ৰত ২৮ জনক ভৰ্তি কৰোৱা হয়। মহকুমাটোৰ বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ১,০২৮ জন ৷
বৰ্তমানলৈকে ২৬ জন ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে বহিঃৰাজ্যত থকা মহকুমাটোৰ ৪ জন লোকৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷ মহকুমাটোত মুঠ ৰেট টেষ্টত ৪৯১৭৬ আৰু আৰ টি পি চি আৰ ৪৫৭৮ কৰা হৈছে ৷ মহকুমাটোত আজিলৈকে ৪৫ বছৰ উৰ্ধৰ ১৭০৪০ জনক ক’ভিড ভেকচিন প্ৰদান কৰাৰ বিপৰীতে ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ৯০১৮ জনক লৈ মুঠ২৬০৫৮ জন ব্যক্তিক ক’ভিড ভেকচিন প্ৰদান কৰিছে।













