![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষাৰ মূল্যাংকনৰ বাবে গঠন কৰি দিয়াৰ বিশেষ কমিটি প্ৰতিবেদন ৰাজহুৱা। ছেৱা মুখ্য কাৰ্যালয়ত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ উপস্থিতিত শিক্ষা সংসদে ৰাজহুৱা কৰা প্ৰতিবেদন।
উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য বিজ্ঞান আৰু ভকেচনেল চাৰিওটা বিভাগৰ সুকীয়া পদ্ধতিৰে ঘোষণা কৰা হ’ব ফলাফল।
কলা, বিজ্ঞান শাখাৰ ব্যৱহাৰিক বিষয় থকা ছাত্ৰ-ছাত্ৰীৰসকলৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ৩টা বিষয়ৰ পৰা লোৱা হ’ব ৫০শতাংশ নম্বৰ। ব্যৱহাৰিক পৰীক্ষাৰ পৰা ৩০% নম্বৰ আহিব। একাদশ-দ্বাদশ শ্রেণী শৈক্ষিক ক্ৰিয়া-কলাপৰ ১০শতাংশ নম্বৰ লোৱা হ’ব। উপৰোক্ত ৯০ নম্বৰ ভিত্তিত আৰু ১০শতাংশ নম্বৰ দিব সংসদে।
একেদৰে কলা-বাণিজ্য ব্যৱহাৰিক বিষয় নথকা ছাত্ৰ-ছাত্ৰীৰসকলৰ বাবে-মেট্ৰিকৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত তিনিটা বিষয়ৰ পৰা ৫০শতাংশ। একাদশ-দ্বাদশ শ্ৰেণীৰ দুটা বছৰ ক্ৰিয়া-কলাপৰ পৰা ৪০ শতাংশ নম্বৰ লাভ কৰিব। উক্ত ৯০ নম্বৰ ভিত্তিত ১০ শতাংশ নম্বৰ সংসদে প্ৰদান কৰিব।
ভকেচনেল বিষয়ত ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত ৫০ শতাংশ নম্বৰ একেই থাকিব। ব্যৱহাৰিক পৰীক্ষাৰ পৰা আহিব ৪০শতাংশ। সংসদৰ ফালৰ পৰা থাকিব ১০ শতাংশ।
আনহাতে, পূৰ্বতে উৰ্ত্তীণ বেটাৰ মেন দিব বিচৰা ছাত্ৰ-ছাত্ৰীয়ে ৪টা বিষয়ত দিব পাৰে বেটামেন। পূৰ্ব ফলাফলৰ ভিত্তিত তৃতীয় বিভাগত উৰ্ত্তীণ ১০শতাংশ, দ্বিতীয় বিভাগত উৰ্ত্তীণক ৭শতাংশ, প্ৰথম বিভাগত উৰ্ত্তীণ ৫শতাংশ নম্বৰ দিয়া হ’ব।
ইফালে, সকলো বিষয়ত পুনৰদিব সকলকো এই পদ্ধতিৰে কৰা হব মূল্যাংকন।
কম্পাৰমেণ্টেল পোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এটা বিষয়ত ১৫০-২২৪লৈ ১০শতাংশ। ২২৫-২৯৯ লৈ হব ৭ শতাংশ, ৩০০ নম্বৰৰ ওপৰত হলে ৫শতাংশ।
উল্লেখ যে পূৰ্ব দৰে শীর্ষস্থান, ষ্টাৰ আৰু ডিষ্টিংচনৰ ব্যৱস্থা নাথাকিব ফলাফলত।
আনহাতে এই মূল্যাংকণ পদ্ধতিত কোনো ছাত্ৰ-ছাত্ৰী সন্তোষ্ট নহলে ১৫ছেপ্টেম্বৰ ভিতৰত দিব পাৰিব পৰীক্ষা।ছেৱা-কাউন্সিলে পৰীক্ষা অনুষ্ঠিত কৰিব।উক্ত সময়ত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা পৰিৱেশ নাহিলে ২০২২চনৰ ভিতৰত হলেও পৰীক্ষা হ’ব। ছাত্ৰ-ছাত্ৰী আৱেদনৰ ভিত্তিত হ’ব পৰীক্ষা। ৰোল নম্বৰ একেই থাকিব। মন্ত্ৰী পেগুৱে কয়।
টেট পৰীক্ষা আৰু অন্যান্য চাকৰি পৰীক্ষাত যিসমূহত মেট্ৰিক-এইচ এছৰ নম্বৰ প্ৰয়োজন তেনে ছাত্ৰ-
ছাত্ৰীয়ে বিশেষ মেট্ৰিক- উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱৰ্তীন হব লাগিব।কাৰণ অসম চৰকাৰৰ চাকৰিত এইটো ফলাফলৰ নম্বৰ প্ৰযোজ্য নহ’ব-শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয়।













