![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ আন্দোলনৰ প্ৰথম শ্বহীদ চেম ষ্টেফৰ্ডৰ ন্যায়িক যুঁজলৈ প্ৰয়োজন হোৱা ধনৰাক্ষী বহন কৰিব অখিল গগৈয়ে।শিৱসাগৰ সমষ্টি বিধায়ক অখিল কাৰামুক্ত হৈয়ে চেম ঘৰত উপস্থিত হৈ ঘোষণা কৰে এই কথা।
কাৰামুক্ত হৈয়ে হাটীগাঁওস্থিত চেম ষ্টেফৰ্ড ঘৰত উপস্থিত হৈ কা’ শ্বহীদ চেমৰ ফটো বুকুত লৈ আবেগিক হৈ পৰে।বিধায়ক হিচাপে দৰমহাৰ যিহেতু পোৱা নাই পত্নীৰ পৰা টকা ধাৰ লৈ চেমৰ পৰিয়ালক সামান্য কিবা এটা সহায় কৰিছোঁ- গগৈয়ে এইদৰে কয়।
চেমৰ পিতৃক সাৱটি ধৰে কাৰামুক্ত গগৈয়ে।ইফালে চেম ৰোগীয়া মাতৃ চিকিৎসাৰ সমগ্ৰৰ ব্যয় বিধায়ক গগৈয়ে বহন কৰিব বুলিও ঘোষণা কৰে।













