![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যজুৰি কঁপাই যোৱা মৰিগাঁৱৰ ভোৰাগাঁও শিশু ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত অভিযুক্ত চৈয়দ আলিয়ে আৰক্ষীৰ নিৰন্তৰ জেৰাত অৱশেষত খুলিছে মুখ। আজি অনুষ্ঠিত এক সংবাদ মেলত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনে এই কথা সদৰী কৰে। ২০ জুন তাৰিখে নৰপিশাচ চৈয়দে নিজ বাসগৃহলৈ শিশুটিক লৈ গৈ ধৰ্ষণ কৰি অমানুষিকভাৱে ডিঙি চেপি হত্যা কৰে আৰু অৱশেষত শিশুটোক মৰাপাটৰ খেতিত পেলাই আহে।
পৰৱৰ্তী সময়ত, আৰক্ষী জেৰাত লম্পটটোৱে নিজেই এই কাণ্ড সংঘটিত কৰা বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ভোৰাগাওঁ থানাত উপস্থিত হৈ আৰক্ষীক অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ ৪৮ ঘণ্টা নৌহওঁতে মৰিগাঁৱৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ সঞ্চালক প্ৰধান, সকলোৱে পৰ্যৱেশন কৰি আছে বুলি প্ৰকাশ কৰে আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনে।













