![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম বিধানসভাৰ অধ্যক্ষ তথা প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী খুলখালী সন্ধানহীন। গুৱাহাটীৰ গড়ভঙা বনাঞ্চলৰ পৰা সন্ধানহীন হৈছে জয়ন্ত কছাৰী। পৰিয়ালৰ সন্দেহ কোনো লোকে অপহৰণ কৰিছে জয়ন্তক।
উল্লেখ জয়ন্তৰ ঘৰ নুনমাটি বিষ্ণু ৰাভা নগৰত। গড়ভঙা বনাঞ্চললৈ গৈছিল জয়ন্ত। তাৰ পাছৰ পৰা নিখোজ হৈ আছে। জয়ন্তৰ সৈতে কুশল কলিতা নামৰ ব্যৱসায়ী এজনো আছিল। কিন্তু বৰ্তমান দুয়োগৰাকী নাই কোনো সন্ধান।
গড়চুক আৰক্ষীয়ে সন্ধানহীন দুই যুৱক উদ্ধাৰ বাবে অভিযান আৰম্ভ কৰিছে। সন্দেহ কৰা হৈছে কোনো উগ্ৰপন্থী সংগঠনে অপহৰণ কৰিব পাৰে বুলি। বুধবাৰৰ ৰাতি পৰা সন্ধানহীন হৈ আছে দুইয়োজন।
উল্লেখ জয়ন্ত কছাৰী বিটিছিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰী ভাতৃ বুলি জানিব পৰা গৈছে।
ইফালে উগ্ৰপন্থীয়ে যুৱক দুজনক অপহৰণ যদি কৰিছে তেন্তে সুস্থ শৰীৰে ঘূৰাই দিয়া কাতৰ আহ্বান জনাইছে পৰিয়ালে।













