ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ সমগ্ৰ অসমৰ লগতে আজি বোকাখাততো সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি পথাৰ কবি ৰাম গগৈৰ ২৫ সংখ্যক মৃত্যু তিথি উপলক্ষে কেন্দ্ৰীয় কাৰ্যসূচী স্মৃতি দিবস পালন কৰা হয়।
এই উদ্দেশ্যে আজি পুৱা বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত বোকাখাত পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বোকাখাত মহকুমা কবি সন্মিলনৰ উপদেষ্টা, বিশিষ্ট লেখক-কবি নিজৰা বৰঠাকুৰে।

বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মা আৰু বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক, বোকাখাত মহকুমা কবি সন্মিলনৰ উপদেষ্টা ভৱানন্দ কলিতাই স্মৃতিচাৰণ কৰি ৰাম গগৈৰ কবিতাৰ বিষয়ে উপস্থিত সকলক অৱগত কৰে।

অনুষ্ঠানত কবি ৰাম গগৈৰ অমৰ সৃষ্টি তথা অসমীয়া কাব্য জগতৰ মাইলৰ খুটি ‘পথাৰ’ কবিতাৰ বাণীৱদ্ধ আবৃত্তিৰ পৰিবেশনেৰে কবিগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

কাৰ্যনিৰ্বাহক সদস্য ৰিজু হাজৰিকাৰ সহযোগিতাত অনুষ্ঠানৰ আঁট ধৰে বোকাখাত মহকুমা কবি সন্মিলনৰ নৱ নিৰ্বাচিত সম্পাদক মনালিছা শইকীয়াই। অনুষ্ঠানত সংগঠনটোৰ বিষয় ববীয়া, সদস্যকে ধৰি স্থানীয় গণ্যমান্য ব্যক্তি সকল উপস্থিত আছিল।













