![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
চৰকাৰৰ মেট্ৰিক-হাইয়াচেকেণ্ডেৰী পৰীক্ষাৰ নীতি বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। চৰকাৰৰ পৰীক্ষা নীতিত সন্তুষ্ট নহয় ৰাজ্যৰ অধিকাংশ দল-সংগঠন। ফলাফল কেৱল নামভৰ্তি বাবে প্ৰয়োজনীয় হ’ব। চৰকাৰী চাকৰিৰ বাবে পুনৰ পৰীক্ষাত অৱৰ্তীন হ’ব লাগিব বুলি শিক্ষামন্ত্ৰীয়ে কৰা ঘোষণা পাছতে ক্ষুন্ন হৈছে শিক্ষাৰ্থী-অভিভাৱক আৰু দল-সংগঠনসমূহ।
“শিক্ষা বিভাগৰ কিছুমান ভুল নীতি-নিৰ্ধাৰণৰ বাবে ৰাজ্য ছাত্ৰ-ছাত্ৰীৰসকলক তীব্ৰ মানসিক চাপত ভুগি আহিছে। ফলাফল দিয়ো যদি সেই ফলাফল ভৱিষ্যত ফলাফল নহয়। অৰ্থাৎ ঘোষিত মাৰ্কশ্বিতে কোনো ক্ষেত্ৰত কামতে নাহে তেন্তে এনে ফলাফল ঘোষণা কৰা কাৰণ কি- দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয়।
দশম-দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰমাণ পত্ৰ তথা মাৰ্কশ্বিট দুখন অতিকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ। এই নম্বৰসমূহে যিকোনো চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত বিশেষ ভুমিকা গ্ৰহণ কৰে। তেনে ক্ষেত্ৰত ২০২১বৰ্ষ দশমমান আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ফলাফল নামত এখন উকা কাগজ কিয় দিয়া হ’ব বুলি শিক্ষা বিভাগক উভতি ধৰে।
পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা মূল-কাৰণ নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ স্বাৰ্থত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক গুৰুত্ব দিয়া নহ’ল বুলি উল্লেখ কৰি সভাপতি গৰাকীয়ে কয়- চৰকাৰৰ ভুল সিদ্ধান্ত বাবে কেইদিনমান পূৰ্বে লখিমপুৰৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে আত্মহত্যাৰ দৰে পথ বাচি লৈছে। তাৰ পাছতো চৰকাৰে সঠিক সিদ্ধান্ত গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক।
শিক্ষা বিভাগলৈ সংগঠনটোত দাবী ঘোষিত ফলাফলৰ ভিত্তিতে প্ৰমাণ পত্ৰ, মাৰ্কশ্বিটৰ বৈধতা প্ৰদান কৰা ব্যৱস্থা কৰিব লাগে। যদি মাৰ্কশ্বিটৰ নম্বৰত কোনো মান্যতা নাথাকে তেনেহ’লে ফলাফলৰ নাটক কিয় কৰিব লাগে।













