![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
শিক্ষা বিভাগৰ পৰীক্ষা মূল্যাংকন পদ্ধতি সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সংবাদমেল। বৃহস্পতিবাৰে ৰাজহুৱা কৰা মুল্যাংকন কমিটি প্ৰতিবেদনত সন্তোষ্ট নহয় আছু।
“মূল্যাংকনৰ বাবে গঠিত দুয়োখন কমিটিয়ে ঘোষণা কৰাৰ ফৰ্মূলা ৫নং দফাত সন্তোষ্ট নহয় সদৌ অসম ছাত্ৰ সন্থাৰ। ছাত্ৰ-ছাত্ৰীয়ে মাৰ্কচিট পাব কিন্তু সেই মাৰ্কছিটখন অসম চৰকাৰৰ চাকৰিত প্ৰযোজ্য নহ’ব এই সিদ্ধান্ত সম্পূৰ্ণ বাতিল কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকল মানসিক দণ্ডত ভুগিছে”- আছু সভাপতি দীপাংকৰ কুমাৰ নাথে কয়।
মাৰ্কছিট পাব কিন্তু চাকৰি নাপাবা এই সিদ্ধান্ত ছাত্ৰ-ছাত্ৰীৰসকলৰ ওপৰত চূড়ান্ত অন্যায় হ’ব বুলি উল্লেখ কৰি নাথে কয়-ৰাজ্য শিক্ষা বিভাগে বিভিন্ন জাতীয় সংগঠনৰ লগত কৰা আলোচনাত দুখনকৈ মাৰ্কছিট হ’ব নোৱাৰে বুলি স্পষ্টকৈ কোৱা হৈছিল। ছাত্ৰ-ছাত্ৰী শংকাত থাকিব নালাগে অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষা কৰাটোৱেই মূল কথা আছিল”।
উল্লেখ যে বৃহস্পতিবাৰে প্ৰকাশ কৰা হৈছিল কমিটি মূল্যাংকন পদ্ধতিৰ প্ৰতিবেদন। শিক্ষামন্ত্ৰী ৰনোজ পেগু উপস্থিতিত কমিটি অধ্যক্ষ দুগৰাকীয়ে প্ৰতিবেদন ৰাজহুৱা কৰিছিল। উক্ত সংবাদ মেলতে শিক্ষামন্ত্ৰী পেগুৱে এই বিষয়তো ঘোষণা কৰিছিল।
আছু মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি সভাপতি গৰাকীয়ে ক্ষুন্ন হৈ কয়- পৰীক্ষা দিব নোৱাৰা বিষয়টো ছাত্ৰ-ছাত্ৰীৰ দুখ নহয়। তেওঁলোক পৰীক্ষা দিবলৈ সাজু আছিল। স্বাস্থ্য বিভাগে দাঙি ধৰা ভয়ংকৰ তথ্য ভিত্তিতহে বাতিল কৰা হৈছিল পৰীক্ষা। ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিবলৈ সাজু হৈ আছিল।
চৰকাৰে ফেব্ৰুৱাৰী মাহতে পৰীক্ষা অনুষ্ঠিত কৰা হ’লে এনে পৰিস্থিতি নহলহেঁতেন- নাথে কয়।
শীর্ষস্থান নালাগে। প্ৰথম, দ্বিতীয়, তৃতীয় ডিভিজন থকাৰ পাছত ডিষ্টিংচন-ষ্টাৰমাৰ্ক নাথাকিব সেই কথা হ’ব নোৱাৰে। কাৰণ পূৰ্ব বছৰ মাৰ্কছিটৰ সৈতে এইবাৰ মাৰ্কছিট নিমিলিব-এই বিষয়টো বিবেচনাৰ দাবী জনায় আছুৱে।
ৰাজ্যৰ শিক্ষা বিভাগৰ পঞ্চম দফা দৰে ভাৰতবর্ষ কোনো এখন বৰ্ডে উল্লেখ কৰা নাই। কমিটি মূল্যাংকন পদ্ধতিত যুক্তি আধাৰ আছে। যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে মূল্যাংকনৰ পদ্ধতিত সন্তোষ্ট নহয় তেওঁ বাবে পৰীক্ষাৰ অনুষ্ঠিত কৰা ব্যৱস্থাতো ৰাখক- নাথে কয়।
আনহাতে, আছু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ছাত্ৰ-ছাত্ৰী জীৱনক লৈ শিক্ষা বিভাগ, ছেৱা, সংসদে হেতালি-খেলা বুলি গুৰুত্ব অভিযোগ তুলি কয় এনে কাৰ্য ছাত্ৰ-সন্থাই মানি নলয়।উচ্চস্তৰীয় কমিটিৰ ওপৰত আস্থা- বিশ্বাস ৰাখিছিলো।ছাত্ৰ-ছাত্ৰীয়ে ন্যায় পাব বুলি।কিন্তু প্ৰতিবেদনৰ ৫নং দফাই ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদান কৰা নাই।
মুল্যাংকন কমিটি ৫নং দফাক বাদ দি বাকী দফাসমূহ কাৰ্যকৰি কৰি ছাত্ৰ-ছাত্ৰীক ন্যায় দিয়াৰ দায়িত্বৰ শিক্ষা বিভাগৰ, ছেৱা, সংসদৰ।ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বৰ্ষ নষ্ট হব নালাগিব। স্বাস্থ্যজনীত সমস্যাৰ সন্মুখীন হ’ব নালাগিব। স্বাৰ্থ ৰক্ষা হ’ব লাগিব। সংবাদমেলত স্পষ্টকৈ কয়- আছু উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
এই বৰ্ষত যদি ছাত্ৰ-ছাত্ৰীয়ে দুটা নম্বৰ বেছি পালেও পাওঁক। কিন্তু ন্যায় দিব লাগিব। ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ দিবলৈ সাজু আছিল- ভট্টাচাৰ্য কয়।
“পৰীক্ষাত পাছ কিন্তু চাকৰিত ফেইল এটা নাভ্ৰূত-নাশ্ৰোতা সিদ্ধান্ত। এই সিদ্ধান্ত গ্ৰহণযোগ্য নহয়”- ভট্টাচাৰ্য্য কয়।













