![]()
নগাঁও : কাৰবন্দীত্বৰ পৰা সদ্য মুক্তিপ্ৰাপ্ত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যোৱাৰ পথত আজি পুৱা নগাঁৱত বহু সংখ্যক লোকে উষ্ম আদৰণী জনায়। নগাঁও জিলাৰ ৰহা, কৃষ্ণাইখাট, বৰঘাট আদিকে ধৰি বহু কেইটা স্থানত অখিল গগৈক কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল আৰু তেওঁৰ গুণমুগ্ধসকলে আদৰণি জনায়। কৃষক নেতাজনে কৃষ্ণাইখাটত সাংবাদিকৰ আগত কয় : অসমত যদিও বিজেপি চৰকাৰ আছে, কিন্তু মানুহ এই চৰকাৰৰ প্ৰতি আস্থাশীল নহয়। বিজেপি চৰকাৰখনৰ পৃষ্ঠপোষকতাতে জনগণৰ মৌলিক অধিকাৰসমূহ কাঢ়ি নিয়া হৈছে। মিকিৰ বামুণীৰ খেতিয়কৰ মাটি কাঢ়ি লোৱা হৈছে। অসমৰ খেতিয়কৰ মাটি কাঢ়িলৈ কোম্পানীক দিয়া চৰকাৰখন কেতিয়াও ৰাইজৰ চৰকাৰ হ’ব নোৱাৰে। কৃষ্ণাইখাটৰ কৃষক সকলকো মাটিৰ পট্টা প্ৰদান কৰা হোৱা নাই। এই চৰকাৰে এফালে জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ কথা কয় আনফালে অসমৰ থলুৱা কৃষকক ভূমিৰ অধিকাৰ নিদিয়ে।
আনহাতে অসমবাসীৰ আশা বিধানসভাৰ মজিয়াত উত্থাপন কৰিব বুলি মন্তব্য কৰি বিধায়ক অখিল গগৈয়ে কয় যে অসমৰ ৰাইজৰ দাবী সজোৰে অসমৰ বিধানসভাত প্ৰতিষ্ঠা কৰিম। লগতে কৃষকৰ সমস্যা সমাধান কৰি প্ৰকৃত অৰ্থত খেতিয়কৰ এখন অসম গঢ়ি তোলাৰ চেষ্টা কৰিম। য’ত বছৰেকত তিনিবাৰ খেতি কৰা হ’ব। প্ৰত্যেক কুইন্টল ধানৰ উচিত মূল্য কৃষকে লাভ কৰিবলৈ সক্ষম হ’ব।
আনহাতে টোলগেট সম্পৰ্কত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে কয় যে মই কাৰাগাৰত থকা অৱস্থাতে চৰকাৰে নদীবান্ধ আৰু টোলগেটৰ কাম আৰম্ভ কৰিলে। এই সম্পৰ্কীয় বিষয়সমূহ প্ৰথমে বিধানসভাৰ মজিয়াত উত্থাপন কৰিম । যদি নামানে তেন্তে পুনৰ সংগ্ৰাম কৰিম।
ইপিনে শিৱসাগৰলৈ যাবলৈ পাই উৎফুল্লিত হোৱা বুলি মন্তব্য কৰি কৃষক নেতা অখিল গগৈয়ে কয় : শিৱসাগৰবাসীৰ ওচৰত মই কৃতজ্ঞ। কাৰণ শিৱসাগৰবাসীয়ে মোক বন্দীত্বৰ সময়ত নিৰ্বাচনত বিজয়ী কৰিলে। অসমৰ ইতিহাসত হয়তো এই ঘটনা প্ৰথম। উল্লেখযোগ্য যে আজি অখিল গগৈক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সম্পাদক নীলমণি শইকীয়া, নগাঁও জিলা সমিতিৰ সম্পাদক জীতেন বৰা, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা মনোজ সিংহ ৰাজা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰূপম বৰা আদিয়ে আদৰণি জনায়।












