![]()
অজন্তা তালুকদাৰ
বোকাখাত : বৰ্তমান কভিড-১৯ৰ ভয়াবহ সংক্ৰমনৰ গৰাহত বোকাখাত। গণসংক্ৰমণ ৰোধৰ বাবেই সম্পূৰ্ণ বোকাখাত মহকুমা কণ্টেইনমেণ্ট জ’নত আছে। ২ জুলাইত বোকাখাতত কভিডৰ সংক্ৰমণ ৯.৮৪ শতাংশলৈ বৃদ্ধি পাইছিল। এই সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসন, স্বাস্থ্য বিভাগে চলোৱা যৎপৰোনাস্তিত বহু সচেতন ব্যক্তি, সাংবাদিক, সংস্থা, অনুষ্ঠানে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে। বোকাখাতৰ বৃহৎ স্বাৰ্থত সমাজখনলৈ সততে সহায়ৰ হাত আগবঢ়োৱা এনে এজন ব্যক্তি হৈছে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক তথা বিশিষ্ট ক্ৰীড়া সংগঠক, লেখক সুবোধ বৰা। যোৱা ১ জুলাইত অধ্যাপক বৰাই নিজা উদ্যোগত আৰু মিলনপুৰ যুৱ সংঘৰ সহযোগত বোকাখাতত নিয়োজিত প্ৰথম শ্ৰেণীৰ কভিড যোদ্ধা অসম আৰক্ষী, গৃহৰক্ষী আৰু সেনা জোৱানসকলৰ বাবে বিয়লি একাপ চাহৰ ব্যৱস্থা কৰে। সম্প্ৰতি সম্পূৰ্ণ লক-ডাউনত থকাৰ বাবে বোকাখাতৰ জৰুৰীকালীন ব্যৱসায় প্ৰতিষ্ঠানক বাদ দি হোটেল আৰু আন সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থকাত আৰক্ষী, গৃহৰক্ষী আৰু সেনা জোৱানসকলে একাপ চাহৰ পিয়াহকো নেওচি জনস্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত নিজৰ কৰ্তব্য ৰূপায়ণত ব্যস্ত আছে।
গতিকে অন্ততঃ এটা দিন এইসকল লোকক সকাহ দিয়াৰ অৰ্থে বৰাই বিস্কুতৰ লগতে ঘৰতে নিৰ্মিত কে’ক আৰু বিবিধ পিঠা-পনাৰ সৈতে একাপ চাহেৰে তেওঁলোকক আপ্যায়ন কৰে আৰু উৎসাহিত কৰে। বোকাখাতৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে থকা আৰক্ষী থানাৰ সন্মুখত, বোকাখাতস্থ অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ৰ সন্মুখত আৰু বি ডি এম ৰ’ডত, মুঠ তিনি স্থানত বৈদ্যুতিন আৰু ছপা সাংবাদিকসকলৰ উপস্থিতিত সম্পূৰ্ণ কভিড প্ৰটকল মানি চলি বৰাই আৰক্ষী আৰু সেনা জোৱানক কৰ্তব্য থলীতে চাহ আপ্যায়নৰ কাৰ্যসূচী সম্পন্ন কৰে। কভিডৰ দ্বিতীয়টো ঢৌৱে বৃহত্তৰ বোকাখাত অঞ্চলত বৃহৎ গণসংক্ৰমণৰ ৰূপ লোৱাত প্ৰশাসনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত বৰাই ব্যক্তিগত উদ্যোগত আৰু মিলনপুৰ যুৱ সংঘৰ সহযোগত কেইবালানিও চেনিটাইজেচন আৰু সজাগতামূলক কাৰ্যসূচী চলাই গৈছে।

উল্লেখ্য যে বিগত ২০২০ বৰ্ষত কভিডৰ প্ৰথমটো ঢৌৰ গণসংক্ৰমণ ৰোধৰ বাবেও উল্লেখনীয় অৱদান আগবঢ়াইছিল বৰাই। বিশিষ্ট ক্ৰীড়াবিদ, লেখক বৰাই বিগত বৰ্ষৰ কভিডক্লিষ্ট সময়তো এনেদৰে চেনিটাইজেচনৰ লগতে তীব্ৰ অৰ্থ সংকটত ভুগা শ্ৰমিক পৰিয়াললৈ খাদ্য সামগ্ৰীৰ সাহায্য আগবঢ়োৱাকে ধৰি ব্যক্তিগত উদ্যোগত কভিডৰ গণসংক্ৰমণ ৰোধৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিছিল। একক ভাবে বিশ্ব পৰিবেশ দিৱসত পাঁচশ গছপুলি বিতৰণ কৰাৰ লগতে বহু গছপুলি ৰোপণ কৰি আহিছে। লগতে বিগত কভিডক্লিষ্ট সময়ত অৱসৰৰ বাবে মাত্ৰ কেইমাহমান থকা অৱস্থাত নিজে মহকুমা প্ৰশাসনক অনুৰোধ জনাই তিনি মাহৰো অধিক কাল বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্বত আছিল বৰা। ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষকৈ তৰুণ প্ৰজন্মৰ কল্যাণৰ স্বাৰ্থত বোকাখাত অঞ্চলত বৰাই বিভিন্ন কাৰ্যসূচীত সময়ে সময়ে উদ্যমী পদক্ষেপ লৈ আহিছে।
বোকাখাতৰ প্ৰাতঃভ্ৰমন কৰা লোকসকলৰ সুবিধা হোৱাকৈ ঠায়ে ঠায়ে স্বাস্থ্যসন্মত টোকা লিখি পথৰ কাষত সংস্থাপন কৰিছে। অসুখীয়া আৰু দুৰ্ঘটনাগ্ৰস্ত জীৱ-জন্তুৰ পৰিচৰ্যা কৰিছে। নিজে এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হোৱাৰ উপৰিও নৱ-প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আহিছে। অধ্যাপক বৰা আৰু মিলনপুৰ যুৱ সংঘৰ এই পদক্ষেপৰ স্থানীয় ৰাইজে প্ৰশংসা কৰিছে। বৰা বিদ্যাভাৰতী ৰাষ্ট্ৰীয় খেল পৰিষদৰ সদস্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ সদস্য, নামদৈয়াং স্পৰ্টচ ক্লাবৰ সভাপতি হোৱাৰ লগতে বহু স্থানীয় ক্ৰীড়া, সামাজিক-সাংস্কৃতিক অনুষ্ঠান আৰু সংগঠনৰ সৈতে জড়িত হৈ আছে।













