![]()
নিউজ ডেস্কঃ
সুদীর্ঘ ১৫ বছৰৰ দাম্পত্য জীৱনত ইতি টানি আগবাঢ়িছে আমিৰ খান আৰু কিৰণ ৰাৱে। বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে তাৰকা দম্পতিয়ে। শনিবাৰে পুৱা দুয়োৰে পক্ষৰ পৰা নেট মাধ্যমত এটি বিবৃতি জাৰি কৰি এই কথা জনাইছে।
তেওঁ লিখিছে, ‘এই ১৫ বছৰীয়া সুন্দৰ যাত্ৰাত আমি প্রচুৰ আনন্দ, উচ্ছ্বাস, অভিজ্ঞতা সঞ্চয় কৰিছো। ভৰসা, ভালপোৱা আৰু শ্রদ্ধাৰ মাজেৰে আমাৰ সম্পর্ক বিকশিত হৈছে। এইবাৰ আমি জীবনৰ নতুন এটা অধ্যায় আৰম্ভ কৰিবলৈ আগবাঢ়িছো। কিন্তু স্বামী-স্ত্রী হিচাবে নহয়, আমাৰ সন্তানৰ পিতৃ-মাতৃ আৰু একে পৰিয়ালৰ সদস্য হিচাবে।’
আমিৰ খান আৰু কিৰণ ৰাৱে জনাইছে, পৃথকে থাকিলেও পুত্ৰ আজাদৰ প্রতি সকলো কর্তব্য পালন কৰিব তেওঁলোকে। ব্যক্তি জীবনৰ এই সিদ্ধান্তৰ প্রভাব নপৰে পেছাগত দিশতো। তেওঁলোকৰ মতে, ‘আমি একেলগে ছবি কৰিম। আমাৰ পানি ফাউন্ডেচনৰ কাম আৰু অন্যান্য যিবোৰ কাম কৰিবলৈ ভালপাওঁ, সেই সকলো কামেই একেলগে কৰিম।’













