![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে হোজাই জিলাৰ লংকা প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ গোঁসাইগাঁও স্বাস্থ্য উপকেন্দ্ৰৰ শ্ৰীশ্ৰীশঙ্কৰদেৱ প্ৰাথমিক বিদ্যালয়ত যোৱা ৬ জুন, ২০২১ তাৰিখৰ পৰা লংকা সাংবাদিক সন্থাৰ উদ্যোগত ‘বিনামূলীয়া মেগা ভেকচিনেচন শিৱিৰ’ অনুষ্ঠিত হৈ আছে। ইতিমধ্যে কেন্দ্ৰটোৰ জৰিয়তে প্রায় পোন্ধৰ শতাধিক ওঠৰ বছৰৰ উৰ্দ্ধৰ ব্যক্তিক টিকাকৰণ কৰা হৈছে।
উল্লেখযোগ্য যে, লংকাৰ পাশ্বৱৰ্তী গোঁসাইগাঁও অঞ্চলটো লামডিং সংৰক্ষিত বনাঞ্চলৰ ভিতৰুৱা এখন বনগাঁও। অঞ্চলটোৰ প্ৰায় চাৰি সহস্ৰাধিক ৰাইজে বিগত সময়ছোৱাত ভেকচিনৰ পৰা বঞ্চিত হৈ আছিল। লংকা সাংবাদিক সন্থাই উদ্যোগ গ্রহণ কৰি গোঁসাইগাঁও শ্ৰীশ্ৰীশঙ্কৰদেৱ প্রাথমিক বিদ্যালয়ত টিকাকৰণ শিৱিৰটো অনুষ্ঠিত কৰাত স্থানীয় ৰাইজে প্রশংসা লাভ কৰিছে৷ লগতে ডালমিয়া ভাৰত ফাউণ্ডেচনে প্ৰতিগৰাকী ভেকচিন গ্রহণকাৰীক একোটাকৈ হেণ্ড চেনিটাইজাৰ, চাবোন, পানীৰ বটল আৰু একোখনকৈ মাস্ক প্ৰদান কৰি সহযোগিতা আগবঢ়াই আহিছে। এইক্ষেত্ৰত ডালমিয়া ফাউণ্ডেচনৰ কৰ্প’ৰেট বিষয়া কংকণ চৌধুৰী, ৰঞ্জিত ভৰালীৰ ভূমিকাক স্থানীয় ৰাইজে শলাগ লোৱাৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষক নিপুমনি পাঠকৰ প্রচেষ্টা প্রশংসনীয় বুলি জানিব দিছে।
উল্লেখযোগ্য যে, গোঁসাইগাঁও, গুহাগাঁও, মছগা, পিপলপুখুৰীকে ধৰি নিকটৱৰ্তী বহুকেইখন গাঁৱৰ ৰাইজ উপকৃত হোৱা তথা পুৱতি নিশাৰে পৰা ৰাইজে ভেকচিনৰ বাবে শাৰী পাতি থকা উক্ত কেন্দ্ৰটোত পর্যাপ্ত ভেকচিনৰ যোগান নোহোৱাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হোৱাত হোজাই জিলা স্বাস্থ্য বিভাগক এই ক্ষেত্ৰত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ সাংবাদিক সন্থাৰ লগতে স্থানীয় ৰাইজে আহ্বান জনাইছে।












