ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৩৪০৮৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৩৭৫ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩১৬জন গোলাঘাটৰ, ২৩১জন যোৰহাটৰ, ১৬৮জন কামৰূপ মেট্ৰ’ৰ আৰু ১৬৬জন লখিমপুৰৰ। শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ১.৭৭ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ২৮ জন ব্যক্তিৰ৷ উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৫২৪ জন ব্যক্তি।ৰাজ্যত সুস্থৰ হাৰ ৯৪.২৪ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫১৫৯৮১জনলৈ বৃদ্ধি পাইছে।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২৩৭৩৭ জন ৰোগী।
Summary of 03/7/2021
Today’s Total 2375
Overall Positivity Percentage (2375 cases out of 1,34,085 test done = 1.77%)
Kamrup(M) 168
Death 28
Recovery Rate 94.24%
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 3, 2021