ASSAM TIMES POST
ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা থানাৰ অন্তৰ্গত কছাৰিগাও চাহ বাগিচাত আজি বিয়লি ৪.৩০ বজাত টিয়ক চাহ বাগিচাত নিহত ডাঃ দেবেন দত্তৰ সোঁৱৰণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰা হয়।
অসম চাহ মজদুৰ সংঘ তথা অসম চাহ কৰ্মচাৰী সংঘৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিত বাগিচা খনৰ কৰ্মচাৰী তথা শ্ৰমিকে অংশগ্ৰহণ কৰে। অসম চাহ মজদুৰ সংঘ,তেজপুৰ শাখা কছাৰিগাও গোটৰ সম্পাদক বিদবাছ বাগে আঁত ধৰা অনুষ্ঠানটিত কছাৰিগাঁও গোটৰ সভাপতি গনেছ খৰা , চাহ বাগিচা খনৰ পৰিচালক আমলা সিঙে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটিত নিজৰ ভাষণ প্ৰশংগত বিদবাছ বাগে ডাঃ দেবেন দত্তৰ নৃশংস হত্যাৰ তীব্ৰ গৰিহণা দিয়ে আৰু ভৱিষ্যতে এনে দুষ্কাৰ্য যাতে আৰু ভৱিষ্যতৰ দিনত নহয় তাৰ বাবে শ্ৰমিক সকলক সজাগ হ’বলৈ আহ্বান জনাই আৰু প্ৰৰোচিত নহবলৈ কয়।
অনুষ্ঠানটিত ডাঃ দেবেন দত্তৰ সোঁৱৰনত এক মৌন সমদল উলিওৱাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়।













