![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম আৰক্ষীক অধিক গতিশীল কৰা লক্ষ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। সোমবাৰে আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’চি) সকলৰ সৈতে বৈঠকত মিলিত হয় ৰাজ্য গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। ৰাজ্যত প্ৰথমবাৰ বাবে ভাৰপ্ৰাপ্ত বিষয়াৰসকলৰ সৈতে মুখ্যমন্ত্ৰী মিলিত হৈছে বৈঠকত।
গুৱাহাটী শংকৰদেৱৰ কলাক্ষেত্ৰত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী শৰ্মা মিলিত হৈছে বৈঠকত। আৰক্ষীক অধিল স্বচ্ছ-নিকা কৰি তোলাৰ প্ৰয়াস চলাইছে মুখ্যমন্ত্ৰীয়ে।
প্ৰতি ছমাহৰ মূৰে মূৰে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰে বৈঠক অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰীৰ। প্ৰথমখন বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অহা পৰৱৰ্তী বৈঠকত ভাৰপ্ৰাপ্ত বিষয়াসকলে অৱগত কৰিব লাগিব গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক।

‘অসম আৰক্ষীৰ বাবে থানাসমূহ হাওফাও স্বৰূপ। যেতিয়া সকলো থানাই দায়িত্ব সহকাৰে কামসমূহ কৰিলে অসম আৰক্ষী স্বতফুটভাৱে ভাল হ’ব’- মুখ্যমন্ত্ৰীয়ে কয়।
থানাক বাদ দি অসম আৰক্ষীৰ মূল্যহীন। দুবছৰ মূৰে মূৰে থানা ভাৰপ্ৰাপ্ত বিষয়া বদলি হ’ব। তাত ৰাজনৈতিক হস্তক্ষেপ নাথাকিব- শৰ্মাই কয়।
আনহাতে, অপৰাধীক অসম আৰক্ষীয়ে ভয় কৰিব লগাৰ কোনো কথা নাই। অভিযুক্তই আৰক্ষীক আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমন আৰক্ষীয়ে কৰিব। আইনে যিখিনি লৈকে অধিকাৰ দিছে তাৰ ওপৰত আৰক্ষীক কাম কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।
উল্লেখ বৈঠকত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, জিপি সিং প্ৰমুখ্যে আৰক্ষী শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে।













