![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
হোজাইৰ উদালিত কভিড-১৯ৰ চিকিৎসাত জড়িত থকা অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিয়ে পুনৰ যোগদান কৰিলে চাকৰিত। হোজাইত নহয় ডাঃ সেনাপতি নতুন ঠিকনা হ’ল নগাঁও বেবেজীয়াৰ পূব হাতীচোং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ।
উল্লেখ যে এমাহজোৰা চিকিৎসাৰ অন্তত সুস্থ হৈ সেনাপতিয়ে পুনৰ নিজৰ কৰ্তব্যত যোগান কৰিছে।
গুৰুত্বপূৰ্ণ কথা দুৰ্বৃত্ত আক্ৰমণৰ বলি হোৱা চিকিৎসকগৰাকীয়ে সুস্থ হৈ নিজৰ ইচ্ছামতে পছন্দৰ ঠাইত যোগদান কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। তাৰ পাছতে চিকিৎসকগৰাকীয়ে উক্ত চিকিৎসালয়খন বাছনি কৰিছে।
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি হোজাই জিলাৰ ফুলতলী আদৰ্শ চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ দ্বিতীয় দিনটোতেই দুৰ্বৃত্ত পাশৱিক আক্ৰমণৰ বলি হৈছিল চিকিৎসকগৰাকী।













