![]()
অজন্তা তালুকদাৰ
বোকাখাত : বানপানীৰ সময়ত দেখা যায় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহুখিনি বনৰীয়া জীৱ জন্তু প্ৰাণৰ মমতাত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় লয় অথবা ঘাই পথ পাৰ হৈ ওখ অঞ্চলসমূহলৈ গতি কৰে। তেনে ক্ষেত্ৰত পথটোৰ দাঁতিত থাকোঁতে অথবা পাৰ হৈ যাওঁতে বহু সংখ্যক জীৱ জন্তু গাড়ীৰ খুন্দাত মৃত্যু হয় অথবা আঘাতপ্ৰাপ্ত হয়। এই জীৱ জন্তুসমূহৰ সুৰক্ষাৰ বাবে বোকাখাতৰ মহকুমা দণ্ডাধীশ বিপুল দাসে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন এলেকাত ৩০ জুনৰ পৰা বলৱৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে।
সেই অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী এনিমেল কৰিডৰৰ পৰা হালধিবাৰীলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো বাহন ৪০ কি: মি:তকৈ অধিক বেগত চলাব নোৱাৰিব। তদুপৰি উক্ত নিৰ্ধাৰিত এলেকাৰ পথৰ দাঁতিত থকা হোটেল, ধাবা তথা ৰেষ্টুৰেণ্টসমূহৰ সন্মুখত গধুৰ যানবাহন পাৰ্কিং কৰি ৰাখিব নোৱাৰিব। আৰু এই নিৰ্দেশনা অমান্য কৰা ব্যক্তি ভাৰতীয় দণ্ড বিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত আইনমতে দণ্ডনীয় হ’ব বুলি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে।













