ASSAM TIMES POST
বিভাস দুৱৰা, ডিব্ৰুগড়ঃ ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী প্ৰবীন কৰ্মী,জ্যোতি প্ৰসাদ-বিষ্ণু ৰাভাৰ একালৰ সতীৰ্থ ডিব্ৰুগড়ৰ আমোলাপটিৰ নিবাসী হাচান শ্বৰীফ আহমেদৰ কালি বিয়লি ৪:৪০ বজাত বাৰ্দ্ধক্যজনিত কাৰণত মৃত্যু হয়। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা শ্বৰীফৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৭ বছৰ।
বাঘ হাজৰিকা বংশৰ হাচান শ্বৰীফৰ জন্ম হৈছিল ১৯৩৩ চনৰ ১৩ জুলাইত কলকতাৰ পাৰ্ক ষ্ট্ৰীটৰ ম’মিন মঞ্জিলত। সাংস্কৃতিক অৱদানৰ বাবে ৰাজ্য চৰকাৰৰ পৰা ১৯৯৫ আৰু ১৯৯৬ চনত এককালীন সাহায্য লাভ কৰাৰ উপৰি ১৯৯৮ চনৰ পৰা নিয়মীয়াকৈ শিল্পী পেঞ্চন লাভ কৰে।
২০১১ চনত ৰাজ্য চৰকাৰে তেওক নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰিছিল।ইয়াৰ উপৰি অসম নাট্য সন্মিলন,ডিব্ৰুগড় সাহিত্য সভা,অসম সাহিত্য সভা,ডিএপি,দিশাৰী,আছু,ডিব্ৰুগড় পৌৰ সভা,চয়নিকা,আখৰা ঘৰ,জনসাংস্কৃতিক সমাজ,চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজ,শ্ৰুতি শিল্পী সমাজ,জ্ঞানদায়িনী সভাকে আদি কৰি ভালেসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠানে সন্মান আৰু স্বীকৃতি দিছিল।
১৯৪৯ চনত ডিব্ৰুগড় আমোলাপটি নাট্য মন্দিৰত জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত নাট ‘ৰূপকোৱৰ’ৰ নাম ভূমিকাত প্ৰথমবাৰলৈ অভিনয় কৰিছিল।ডিএপিয়ে ৫০-৬০ৰ দশকত নিবেদন কৰা ৰূপালীম,লভিতা,কাৰেঙৰ লিগিৰী,মনিৰাম দেৱান,টিপু চুলতান আদি নাটকৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰি নিজ প্ৰতিভাৰ পৰিচয় দিছিল।তেওৰ দ্বাৰা অভিনীত এখন মঞ্চ সফল নাট টেক্সী ড্ৰাইভাৰ ৰাজ্যৰ বিভিন্ন মঞ্চত মঞ্চস্থ হৈছিল। ১৯৫৭-৫৮ চনত কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ পদত অধিস্থিত হৈছিল।
মৃত্যুৰ সময়ত তেখেতে দুজন পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনী,দুই ভাতৃসহ ভালেসংখ্যক আত্মীয়স্বজনক এৰি থৈ গৈছে। অসম নাট্য সন্মিলনৰ ডিব্ৰুগড় জিলাত তেখেত এজন প্ৰতিষ্ঠাপক সম্পাদক আছিল। ৰাজ্য চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰা হাচান শ্বৰীফক আজি পুৱা এক শোকাকুল পৰিবেশত স্থানীয় আমোলাপটি কবৰস্থানত জানাজা সম্পন্ন কৰা হয়।
তেখেতৰ মৃত্যুত ভাৰতীয় গণনাট্য সংঘৰ কাৰ্যকৰী সভাপতি শৰৎ চন্দ্ৰ নেওগ,সাধাৰন সম্পাদক বিপুল তালুকদাৰ,ডিব্ৰুগড় জিলাৰ সভাপতি আৰিফা বেগম,প্ৰগতিশীল লেখক ড° পৰমানন্দ মজুমদাৰ,ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি হেম প্ৰভা তাছা,উপ-সভাপতি বিভাস দুৱৰা,সাধাৰণ সম্পাদক গৌতম গগৈ,অসম সাহিত্য সভাৰ ডিব্ৰুগড়ৰ আঞ্চলিক সম্পাদক আদিত্য শইকীয়া,ডিব্ৰুগড় আৰু লাহোৱালৰ বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন,ঋতুপৰ্ণ বৰুৱাকে আদি কৰি বহকেইজন সাংস্কৃতিক কৰ্মীয়ে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।













