ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১৬৫৪২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৬৪০ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩৩৩জন গোলাঘাটৰ, ২৩৩জন শোণিতপুৰৰ, ১৯৭জন কামৰূপ মেট্ৰ’ৰ আৰু ১৫১জন যোৰহাটৰ।সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ২.২৭ শতাংশ।
আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ৩১ জন ব্যক্তিৰ৷উল্লেখ্য যে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৫২১জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৪.৫৬ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫১৯৮৩৪ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২২২৪৩ জন ৰোগী।