![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰনা আক্রান্তৰ শিশু-কিশোৰ সংখ্যা। ১৮ বছৰ তলৰ ৩৪ হাজাৰ শিশু-কিশোৰ আক্রান্ত হৈছে কভিডত। এই কথা মঙলবাৰ প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে বৰ্তমান ২৮৯০ গৰাকী ১৮বছৰ তলৰ আক্রান্ত চিকিৎসাধীন হৈ আছে ৰাজ্যত।
উল্লেখ যে কভিডৰ তৃতীয় লহৰত ১৮ বছৰৰ তলৰ শিশু-কিশোৰ আক্রান্ত হাৰ সৰ্বাধিক হ’ব বুলি ইতিমধ্যে স্বাস্থ্য সন্থাসমূহে সতৰ্ক কৰি দিছে। আনহাতে স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰকাশ কৰা মতে তৃতীয় লহৰ বৰ্তমান ৰাজ্যত অহা নাই। তৃতীয় লহৰৰ বাবে স্বাস্থ্য বিভাগ সাজু হৈছে। বিভাগে শিশুৰ বাবে ৰাজ্যত সুকীয়া আইচিইউ স্থাপন কৰা কাম আৰম্ভ কৰিছে বুলি কয়।













