![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২০০খন ক’ভিড আই.চি.ইউ বিচনা মুকলি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিচনাকেইখন।
অসমৰ স্বাস্থ্য সেৱা সোণালী যাত্ৰা নতুন আৰম্ভণি হোৱা বুলি উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়- একেলগে ২০০খন আইচিইউ বিছনা মুকলি কৰা অসমৰ ইতিহাসত প্ৰথম।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ জন্মদিন অসমবাসী বাবে উচৰ্গা কৰা হৈছে আইচিইউ প্ৰকল্পতো- মুখ্যমন্ত্ৰীয়ে লগতে কয়। উল্লেখ যে ৰাজ্যত আইচিইউ সংখ্যা ১১৯১টালৈ বৃদ্ধি হোৱা বুলি তেওঁ জানিব দিয়ে।
উদ্বোধনী অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ৰাজ্য শেহতীয়া ক’ভিড পৰিস্থিতি সন্দৰ্ভত কয়-৬খন জিলাত হাজাৰ ঘৰত আছে আক্রান্ত সংখ্যা। শিৱসাগৰ, ডিব্ৰুগড় পৰিস্থিতি উদ্বেগজন।
ইফালে ক’ৰনাত স্বামীক হেৰুৱাৰ পত্নীলৈ ২.৫০লাখ টকাকৈ এক কালীন সাহায্য শীঘ্ৰে আগবঢ়াব চৰকাৰে। ৰাজ্যত ৩৫৭৮ গৰাকী ক’ভিডত মৃত্যু হৈছে। আনহাতে কভিডত মৃত্যু হোৱা প্রতিটো পৰিয়ালক পৰৱৰ্তী পৰ্যায়ত চৰকাৰে সহায় কৰিব বুলিও আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
ইফালে উদ্বোধনী অনুষ্ঠানৰ পূর্বে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত ৮৯৬ গৰাকী ষ্টাফ নাৰ্ছক নিযুক্তি দিয়ে। ক’ভিড পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি ৫০ গৰাকীক আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে নিযুক্তি-পত্ৰ প্ৰদান কৰে।
উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কুইন ওজা, বিধায়ক তৰংগ গগৈ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব অনুৰাগ গোৱেল, আয়ুক্ত সচিব মনালিছা গোস্বামী, জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য, কামৰূপ(ম) উপায়ুক্ত বিশ্বজিৎ পেগু প্ৰমুখ্যে বহুসংখ্যক বিষয়া উপস্থিত থাকে।













