![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
কমিচনৰ বিনিময়ত হোজাই জিলাৰ পৰা লৈ যোৱা হয় বহু যুৱকক! নগাঁৱৰ শিয়ালমাৰীৰ দেহ ব্যৱসায়ী উৎখাতৰ পাছতেই আহিছে ভয়ংকৰ তথ্য !
এই ভয়ংকৰ খবৰ পোহৰলৈ অহাৰ পাছতেই সৰব হোজাই জিলা খিলঞ্জীয়া ছাত্র সন্থা! যোৱা দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰিছিল শিয়ালমাৰীৰ এটা দেহব্যৱসায়ীৰ ঘাটি! আটক কৰিছিল তিনিগৰাকী যুৱতীসহ দুগৰাকী যুৱক! এই ঘাটি উৎখাতৰ পাছতেই পোহৰলৈ আহিছে ন ন তথ্য! বিজু দাস নামৰ এটা এজেন্টৰ নেতৃত্বত হোজাই জিলাৰ পৰা লৈ যোৱা হৈছিল বহু যুৱকক! দেহব্যৱসায়ীৰ এজেন্ট বিজু দাসৰ ঘৰ হোজাই জিলাৰ বৰবহাত! নগাঁও চহৰৰ দাতিকাঁষৰীয়া শিয়ালমাৰীৰ আতাউৰ ৰহমান নামৰ লোকজনৰ ঘৰত দীৰ্ঘদিনৰ পৰা চলি আহিছিল এই নাৰীদেহ ব্যৱসায়ী!
যোৱা চাৰি জুলাইৰ নিশা ১০ বজাত আতাউৰ ৰহমানৰ ঘৰত নগাঁও আৰক্ষীৰ এটা দলে চলোৱা অভিযানত দুগৰাকী যুৱতীসহ গ্ৰেপ্তাৰ কৰিছিল কেইবাজনো লোকক। তাৰে ভিতৰত হোজাইৰ বিজু দাসৰ নেতৃত্বত যোৱা এগৰাকী যুৱকক আটক কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰে! শিয়ালমাৰীত চলি থকা দেহব্যৱসায়ীৰ ঘাটিৰ গৰাকী আতাউৰ ৰহমানকো আটক কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰিছে! নগাঁৱৰ শিয়ালমাৰীত চলি থকা এই দেহব্যৱসায়ত হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱকসকলক যোগান ধৰিছিল বৰবহাৰ বিজু দাসে।
আৰক্ষীৰ অভিযানৰ সময়ত নাৰীদেহ চক্ৰৰ এজেন্ট বিজু দাস দেৱালৰ ওপৰেদি জাপ মাৰি পলায়ন কৰে যদিও নগাঁও আৰক্ষীয়ে যুৱকজনৰ বাইক জব্দ কৰিবলৈ সক্ষম হয়! সম্প্ৰতি ঘৰ এৰি পলাতক নাৰী দেহ চক্ৰৰ এজেন্ট বৰবহাৰ বিজু দাস! নাৰী দেহ চক্ৰৰ এজেন্ট বিজু দাসক শীঘ্ৰেই আটক কৰাৰ দাবী হোজাই জিলা খিলঞ্জীয়া ছাত্র সন্থাৰ!












