![]()
নিউজ ডেস্কঃ
দীর্ঘদিন বার্ধক্যজনিত সমস্যাত ভোগাৰ পিছত বুধবাৰে দেহাৱসান ঘটে অভিনেতা দিলীপ কুমাৰৰ। কিন্তু মৃত্যুৰ পিছতো ৰৈ গৈছে সেই প্রশ্ন, মহম্মদ ইউসুফ খান কিয় হিন্দু নাম লৈ দিলীপ কুমাৰ হৈছিল?

দুটি কাৰণ শুনা যায় এই নাম আৰু উপাধি সলনি কৰাৰ অন্তৰালত। এটি ভয়, আনটি প্রেম। অৱশ্যে আৰু এটি কাৰণ থকা বুলি ভবা হয়। যিটো অৱশ্যে দিলীপ কুমাৰে কেতিয়াও নিজ মুখে স্বীকাৰ কৰা নাই। অৱশ্যে তৃতীয় কাৰণটিকেই বেছি গুৰুত্ব দিয়া হৈছে বিভিন্ন সময়ৰ আলোচনাত। কোৱা হয়, হিন্দু দর্শকৰ ওচৰত জনপ্রিয় হোৱাৰ বাবেই এই নাম পৰিৱৰ্তন।
বাস্তৱৰ ইউচুফক বলিউডে চিনি পায় স্বাধীনতাৰ বছৰ ১৯৪৭ চনত ‘জগনু’ ছবিত অভিনয়ৰ পিছত। অৱশ্যে তাৰ বহু আগতেই ১৯৪৪ চনত তেওঁৰ প্রথম ছবি। উক্ত ‘জোৱাৰ ভাটা’ ছবিৰ প্রযোজক আছিল দেৱিকা ৰাণী। দেৱিকায়ে হেনো ইউচুফ খানক ‘দিলীপ কুমাৰ’ নাম ল’বলৈ কৈছিল। সেয়ে অভিনয় জীৱনৰ আৰম্ভণিৰ পৰাই তেওঁ নতুন নামেৰে পৰিচিতি লাভ কৰে। অৱশ্যে ঘৰৰ পৰা পলাই অহা ইউচুফে অভিনয় আৰম্ভ কৰাৰ পিছত পিতৃয়ে যাতে গম নাপায় তাৰ বাবে নাম সলনি কৰা বুলিও শুনা যায়। কোনো এটি সাক্ষাৎকাৰত দিলীপ কুমাৰে নিজেই এই কথা কৈছিল। অৱশ্যে দেৱিকা ৰাণীৰ ইচ্ছাৰ কথাই লিখি গৈছে দিলীপ কুমাৰে।

তেওঁৰ আত্মজীৱনী ‘দ্য ছাবষ্টেন্স এণ্ড দ্য শ্বেডো’ত তেওঁ লিখিছে, ‘তেওঁ (দেৱিকা ৰাণী) কৈছিল, মই ভাবিছো তোমাৰ এটা স্ক্রিন নাম হ’লে ভাল হয়।’ কিতাপখনত এনেদৰে লিখিলেও ১৯৭০ চনত সাংবাদিকক দিয়া এক সাক্ষাৎকাৰত তেওঁ জনাইছিল, পিতৃৰ ভয়তে নাম সলনি কৰিবলগা হৈছিল। কাৰণ পিতৃয়ে অভিনয় বৃত্তিক পছন্দ নকৰিছিল। ‘নৌটঙ্কি’ বুলি ভাবিছিল।













