![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কামৰূপ মহানগৰ জিলাত ক’ৰনা নীতি-নিৰ্দেশনা অধিক শিথিলতা কৰিছে চৰকাৰে। বিগত এসপ্তাহ জিলাখনত অধিক শিথিলতাৰ পাছত পুনৰ উদ্বিগ্ন হৈছে স্বাস্থ্য বিভাগ। কাৰণ শেহতীয়াভাৱে জিলাখনত পুনৰ আক্রান্ত হাৰ সামান্য বৃদ্ধিৰ তথ্য পোহৰলৈ আহিছে।
আনহাতে, জিলাখনৰ শেহতীয়াৰ আক্রান্ত হাৰ পৰ্যায়লোচনৰ বাবে শুকুৰবাৰে জিলা উপায়ুক্তৰ লগত বৈঠকত বহিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। জিলাখনত আক্রান্ত হাৰ হ্ৰাস কৰাৰ বাবে লোৱা হ’ব ব্যৱস্থা। এই কথা অৱগত কৰিছে স্বাস্থ্যমন্ত্ৰী মহন্তই। কামৰূপ(ম) জিলাত তীক্ষ্ণ-নজৰ ৰখা কথাও জানিব দিয়ে তেওঁ।
উল্লেখ কামৰূপ (ম) আক্রান্ত হাৰ হ্ৰাস পোৱাৰ বাবে বিয়লি ৪বজালৈ জিলাখনত দোকান-পোহৰ মুকলি অনুমতি প্ৰদান কৰিছে চৰকাৰে। সমগ্ৰ জিলাখনত সন্ধিয়া ৫ বজা পৰা পুৱা ৫বজালৈ সান্ধ্য আইন জাৰি হয়।













