![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
৭ জুলাইত অনুষ্ঠিত কেবিনেট বৈঠকৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৃহস্পতিবাৰে সংবাদমেলত ঘোষণা কৰে মন্ত্ৰী পীযূষ হাজৰিকাই। উক্ত কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেইটামান হৈছে :
• ছিপাঝাৰৰ ঐতিহাসিক ধলপুৰ শিৱ মন্দিৰক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰি গুৰুত্বপূৰ্ণ চিত্ৰ-ভাস্কৰ্য সংৰক্ষণৰ বাবে মন্দিৰ কৰ্তৃপক্ষক ১৮০ বিঘা ভূমি প্ৰদান কৰা হ’ব ৷
• অসমৰ গাঁওবুঢ়াসকল হ’ব গাঁও প্ৰধান। গাঁও প্ৰধানৰ সৰ্বনিম্ন বয়স ৩০ আৰু সৰ্বোচ্চ ৬৫ বছৰ বয়সলৈ উক্ত পদত কাম কৰিব পাৰিব ।
• একচনীয়া বা চৰকাৰী আবণ্টনযোগ্য ভূমিত বসবাস কৰা ভূমিহীন খিলঞ্জীয়া লোকসকলৰ প্ৰাকৃতিক দুৰ্য্যোগ যেনে ধুমুহা, বানপানী আদিত বাসগৃহ ক্ষতিগ্ৰস্ত হ’লে চৰকাৰে পুনৰ সংস্থাপনৰ বাবে সাহায্য প্ৰদান কৰিব৷ অৱশ্যে এই ক্ষেত্ৰত তেওঁলোক প্ৰকৃত হিতাধিকাৰী নে স্বভাৱগত বেদখলকাৰী তাৰ পৰীক্ষা কৰিহে সাহায্য প্ৰদান কৰা হ’ব ।
• ২০০৩ চনৰ আগৰ পৰা বিটিআৰত বসবাস কৰা গোৰ্খাসকলক সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্তৰ সিদ্ধান্ত ৷
• শদিয়া ট্ৰাইবেল বেল্টত স্থায়ীভাৱে বসবাস কৰা মৰাণ, মটক, আহোম, চুতীয়া আৰু গোৰ্খা সম্প্ৰদায়ক ব্যক্তিৰ সংৰক্ষিত শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ ৷
• নিবনুৱা যুৱক-যুৱতীসকলে এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্ৰলৈ নোযোৱাকৈয়ে অনলাইনযোগে নাম পঞ্জীয়ন কৰিব পাৰিব।
• শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ বিধি আসন্ন বিধানসভা অধিবেশনত উত্থাপন কৰিবলৈ কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ ৷
• পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগ আৰু প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগক একত্ৰিকৰণৰ সিদ্ধান্ত গ্ৰহণ৷
• ষষ্ঠ অনুসূচীৰ অঞ্চলবোৰৰ বাহিৰে, জলসিঞ্চন বিভাগৰ চিভিল, ইলেক্ট্রিকেল আৰু মেকানিকেল বিভাগক একেলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ৷ লগতে ডিভিজনসমূহ হ’ব সমষ্টিকেন্দ্ৰিক ।
• বিধানসভাৰ আগন্তুক অধিবেশনত অসম গো-সুৰক্ষা বিধেয়ক উত্থাপনৰ সিদ্ধান্ত ৷













