ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী মহানগৰীত শেহতীয়াকৈ বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ বাবে কঠোৰ হৈছে প্ৰশাসন৷ ইয়াৰ বাবে গঠন কৰা হৈছে টাস্ক ফৰ্চ৷ কোভিড নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা হৈছে কেইবাটাও কঠোৰ সিদ্ধান্ত৷
সন্ধিয়া ৫ বজাৰ পিছত কৰিব নোৱাৰিব সান্ধ্য ভ্ৰমণ৷ বজাৰ, সান্ধ্য ভ্ৰমণ, প্ৰাতঃভ্ৰমণৰ নামত ভিৰ কৰিব নোৱাৰিব৷ মাস্ক পৰিধানৰ ক্ষেত্ৰত কঠোৰ হ’ব প্ৰশাসন৷ মাস্ক অবিহনে ভৰিব লাগিব জৰিমনা৷ আকস্মিক পৰিদৰ্শন কৰিব টাস্ক ফৰ্চে৷ খোজকঢ়া, চাইকেল চলোৱা আদিৰ ক্ষেত্ৰতো কঠোৰ হ’ব প্ৰশাসন৷ এইবোৰৰ নামত সমাগম নকৰিবলৈ কঠোৰ সকীয়নি জিলা প্ৰশাসনৰ৷ কোনো কাৰণতে সান্ধ্য আইন উলংঘা কৰিব নোৱাৰিব৷ বিনা কাৰণত মহানগৰবাসীক ঘৰৰ পৰা নোলাবলৈ আহ্বান জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ ৷