ASSAM TIMES POST
গুৱাহাটীঃ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা হাতেলিখা ৰচনা প্ৰতিযোগিতাৰ ফলাফলসমূহ শেহতীয়াকৈ ঘোষণা কৰা হৈছে। সেই অনুসৰি প্ৰথম স্থান লাভ কৰিছে নগাঁৱৰ বটদ্ৰৱাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আইবী হাচানে। দ্বিতীয় স্থান লাভ কৰিছে লিজা গগৈয়ে।
তেওঁ জখলাবন্ধাস্থিত হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী। ইফালে গৌৰীসাগৰৰ পংকজিত কলিতাই তৃতীয় স্থান লাভ কৰিছে। উল্লেখ্য, সপ্তম শ্ৰেণীৰপৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈছিল। ৰচনাৰ বিষয় আছিল ‘যদি মই এজন সৈনিক হও’ (ইফ আই বিকাম এ চ’লজাৰ)।













