ASSAM TIMES POST
গুৱাহাটীঃ সদ্য প্ৰকাশিত অসমৰ উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত কোচ ৰাজবংশী লোকৰ নাম বাদ পৰাৰ অভিযোগৰে অহা ১২ চেপ্টেম্বৰত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে কোচ ৰাজবংশী সন্মিলনে।
কোচ ৰাজবংশী সন্মিলনৰ বীৰেশ্বৰ শইকীয়া আৰু দুৰ্লভ চমুৱা গোটে এই বন্ধৰ আহ্বান জনাইছে। মঙলবাৰে গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে সন্মিলনীৰ সভাপতি বীৰেশ্বৰ শইকীয়াই।
তেওঁ কয় যে এনআৰচিৰপৰা প্ৰায় ৫ লাখ কোচ ৰাজবংশী লোকৰ নাম বাদ পৰিল। বিশেষকৈ গোৱালপাৰা, কোকৰাঝাৰ, ধেমাজি, বঙাইগাঁও আৰু ওদালগুৰিত নাম বাদ পৰিছে। সেয়েহে উক্ত দিনা পুৱা ৫ বজাৰপৰা সন্ধিয়া ৫ বজালৈকে অসম বন্ধৰ আহ্বান জনোৱা হৈছে। উল্লেখ্য গত শুকুৰবাৰে এনআৰচিক লৈয়ে ৰাষ্ট্ৰীয় বজৰং দলে অসম বন্ধ দিছিল।













