![]()
নিউজ ডেস্কঃ
১৯৯১ চনত বলিউডত যাত্রা আৰম্ভ কৰিছিলেন ‘এংৰী ইয়ং মেন’ হিচাবে। ইয়াৰ পিছত পাৰ হৈ গৈছে প্রায় তিনিটা দশক। বৃদ্ধি হৈছে বয়সো। কিন্তু পর্দাৰ অজয় দেৱগণৰ ৰৈ গৈছে সেই একে ধৰণে। তীক্ষ্ণ চাৱনি, দুৰন্ত সংলাপ, একচনৰ দৃশ্যত আজিও জোৱাৰ তোলে বক্স অফিচত।
কিন্তু নেট মাধ্যমত অজয়ৰ সম্প্রতি কেইবাখনো ছবি দেখি উদ্বিগ্ন হৈছিল অনুৰাগীসকল। এই অজয় যেন তেওঁলোকৰ পৰিচিত অজয়গৰাকী নহয়। চকুত চছমা, কেঁচা-পকা চুলি আৰু দাড়ি ৷ একে কোবে যেন অভিনেতাগৰাকীৰ বয়স বহুখিনি বছৰ বঢ়াই দিছে।
অৱশ্যে অজয়ে নিজে এই ছবি প্রকাশ কৰা নাই। অভিনেতাগৰাকীৰ জিম প্রশিক্ষক গৌতমে তেওঁৰ জন্মদিন পালনৰ ছবি শ্বেয়াৰ কৰিছিল ছচিয়েল মিডিয়াত। ঘৰুৱা উক্ত অনুষ্ঠানত উপস্থিত হৈছিল স্বয়ং অজয়। তেতিয়াই কেমেৰাৰ লেন্সত বন্দী হৈছিল ৫২ বছর বয়সীয়া অভিনেতাজন।
বলিউড সূত্রৰ খবৰ মতে, নতুন ছবি ‘থেঙ্ক গড’ৰ বাবেই এনে ধৰণৰ চেহেৰা বনাইছে অজয়ে। এই ছবিত অজয়ৰ সৈতে অভিনয় কৰিব সিদ্ধাৰ্থ মলহোত্ৰা আৰু ৰাকুল প্ৰীত সিঙে।
অহা ১৩ আগষ্টত ডিজনি প্লাছ হটষ্টাৰত মুক্তি পাবলৈ আগবাঢ়িছে ‘ভুজ: দ্য প্রাইড অব ইণ্ডিয়া’। ১৯৭১ চনত ভাৰত-পাকিস্তানৰ যুদ্ধৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ হৈছে ছবিখন। ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ বিজয় কর্ণিকৰ চৰিত্রত দেখা যাব অজয়ক।













