ASSAM TIMES POST
গুৱাহাটীঃ সময়ত প্ৰয়োজনীয় শুধৰণিৰ ব্যৱস্থা নোলোৱাৰ বাবে আজি এনআৰচিখন অসম আন্দোলনৰ বিফলতাৰ দলিল হ’ল। ৪০ বছৰজোৰা অস্তিত্বৰ বিষয়ক লৈ হোৱা নেতাসকলৰ যদি ইয়াৰ প্ৰতি এক শতাংশও নিষ্ঠা থাকিলহেঁতেন, তেতিয়াহ’লে তেওঁলোকে অশুদ্ধ এনআৰচি প্ৰস্তুত হোৱাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয় আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক দোষাৰোপ নকৰি, আইনগতভাৱে নিজৰ ক্ষমতা আৰু অধিকাৰ সাব্যস্ত কৰিলেহেঁতেন।– এই মন্তব্য প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ।
মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত তেওঁ কয় যে এনআৰচি প্ৰকাশৰ পৰৱৰ্তী সময়ত দেখা পোৱা গৈছে যে শাসকীয় দলৰ নেতাসকলে বাৰম্বাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি কৈ আহিছে। কিন্তু এনআৰচিৰ পুনৰীক্ষণ ক্ষমতা আইনগতভাৱে চৰকাৰক প্ৰদান কৰা হৈছে আৰু এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ যি প্ৰস্তুতি চৰকাৰে চলাব বুলি কৈছে তাৰ আচলতে প্ৰয়োজনেই নাই।
সংবাদমেলত তেওঁ অসমবাসীক আহ্বান জনাই কয় যে এনআৰচিৰ বিসংগতি বা জালিয়াতিক লৈ ৰাইজৰ হাতত তথ্য থাকিলে ৯৪০১১-৭৩৪৩৫ নম্বৰত হোৱাটছএপ বা মেছেজযোগে জনাব পাৰিব। এয়া লাভ কৰাৰ লগে লগেই প্ৰব্ৰজন বিৰোধী মঞ্চ আৰু আছাম পাব্লিক ৱৰ্কছে শীঘ্ৰে যোগাযোগ কৰাৰ লগতে তথ্য প্ৰদান কাৰীৰ নাম আৰু ঠিকনা গোপনে ৰাখিব।













