ASSAM TIMES POST
গুৱাহাটীঃ ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপনৰ সৈতে সংগতি ৰাখি কামৰূপ মহানগৰ জিলাৰ সমাজ কল্যাণ বিভাগে মঙলবাৰে এক সজাগতা শোভাযাত্ৰাৰ আয়োজন কৰে। কামৰূপ মহানগৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰপৰা উলিওৱা এই শোভাযাত্ৰা পতাকা জোকাৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম আৰু উপায়ুক্ত বিশ্বজিত পেগুৱে।
জন্মৰপৰা ১০০০ দিনত শিশুৰ প্ৰতি ল’বলগীয়া যত্ন, পুষ্টিকৰ খাদ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা, ডায়েৰীয়া প্ৰতিৰোধ আৰু এনিমিয়া মুক্ত কৰা সম্পৰ্কত জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এই শোভাযাত্ৰাত সমাজ কল্যাণ বিভাগৰ লগতে শিক্ষা, স্বাস্থ্য, কৃষি, শ্ৰমিক কল্যাণ, ক্ৰীড়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম গ্ৰামীণ জীৱিকা অভিযান, খাদ্য আৰু পুষ্টি পৰিষদ আদি জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।
এই শোভাযাত্ৰাটো উজান বজাৰৰ জাহাজঘাটৰ সমীপৰ অংগনৱাড়ী কেন্দ্ৰত সামৰণি পৰে। ইয়াত মন্ত্ৰী ব্ৰহ্মই পুষ্টি অভিযানক গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়।













