![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
লকডাউনেও নিয়ন্ত্ৰণলৈ আনিব পৰা নাই বোকাখাটৰ ক’ৰনাৰ পৰিস্থিতিৰ। দ্বিতীয় সপ্তাহ লকডাউন চলি থকা গোলাঘাটৰ বোকাখাট মহকুমাত বৃদ্ধি হৈ আছে আক্রান্ত সংখ্যা। মহকুমাৰটো আক্রান্ত হাৰে চিন্তিত কৰিছে চৰকাৰক। ফলত মহকুমাৰটোত ক’ৰনা নিয়ন্ত্ৰণৰ নতুন কৌশল অৱলম্বন কৰিছে চৰকাৰে। ক’ৰনা নিয়ন্ত্ৰণৰ দেশত নোলোৱা কৌশল প্ৰথম অৱলম্বন কৰিছে বোকাখাট প্ৰশাসনে। সেনা ফ্লেগ মার্চ জৰিয়তে ক’ৰনা নিয়ন্ত্ৰণ চেষ্টা বোকাখাটত।
বোকাখাটত অনিয়ন্ত্ৰিত ক’ৰনাক নিয়ন্ত্ৰণৰ বাবে অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিৰ্দেশ জাৰি কৰিছে সেনা ফ্লেগ মার্চৰ। আৰক্ষী-প্ৰশাসনক অধিক কঠোৰ হোৱাৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ।
বোকাখাট মহকুমা বিষয়ববীয়াৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী অতুল বৰা আলোচনা পাছতে সেনাক ফ্লেগ মার্চ কৰাৰ নিৰ্দেশনা মহকুমাটোত। বৈঠকত গোলাঘাটৰ উপায়ুক্ত মৃগেছ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক উপস্থিত থাকে।
অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়- আজি বোকাখাট, দেওবাৰে গোলাঘাট আৰু সোমবাৰে সৰুপথাৰত সেনা ফ্লেগ মাৰ্চ হ’ব। জিলাখনত দোকান পোহাৰ মুকলি সন্দৰ্ভত উপায়ুক্তই সিদ্ধান্ত ল’ব।
যিকোনো পৰিস্থিতিত গোলাঘাট জিলাত ক’ৰনা নিয়ন্ত্ৰণলৈ অনা হ’ব বুলি স্পষ্ট কৰি দিয়ে পাটোৱাৰীয়ে।













