![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যৰ চাৰি সমষ্টিৰ উপ-নির্বাচনত বিজেপিক পৰাস্তৰ স্বাৰ্থত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিৰোধীক উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাব লাগে বুলি জনোৱা আহ্বানলৈ সঁহাৰিৰ অসম প্ৰদেশ কংগ্ৰেছৰ। দলটোৰ সভাপতি ৰিপুন বৰাই সকলোৱে মিলি উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে ।
উমৈহতীয়া প্ৰাৰ্থী দিয়াত কংগ্ৰেছ দলৰ কোনো আপত্তি নাই। দলৰ মজিয়াত সকলো আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে বৰাই।
সভাপতি বৰাই অখিল গগৈ আৰু লুৰিনজ্যোতি গগৈক মহাজোঁটত চামিল হোৱাৰো আহ্বান জনায়।
উল্লেখ যে শনিবাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিৰোধী উমৈহতীয়া প্ৰাৰ্থী উপ-নির্বাচনত থিয় কৰোৱাৰ বাবে আলোচনা কৰি থকা বুলি মন্তৱ্য প্ৰকাশ কৰিছিল। প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা সঠিক দিশত আগবঢ়া বুলিও তেওঁ লগতে কৈছিল।













