ASSAM TIMES POST
শিৱসাগৰঃ সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰত ও সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্মদিনটো উলহ-মালহৰে পালন কৰা হয়। শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান দিখৌপৰীয়া সন্মিলীত যুৱ সংঘৰ উদ্যোগত, শিৱসাগৰ জিলা প্ৰশাসন আৰু যুৱ দলৰ সহযোগত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মদিনটো সমন্বয় দিৱস হিচাপে পালন কৰা হয়।

পুৱা ৯ বজাত পতকা উত্তোলন আৰু ৯.৩০ বজাত জয়দয়াল খেমকা মাতৃ সদনৰ সন্মুখত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় সুধাকণ্ঠৰ জন্মদিনৰ দিনজোৰা কাৰ্য্যসূচী। বন্তি প্ৰজ্বলন কৰে দিখৌপৰীয়া সন্মিলীত যুৱ সংঘৰ উপ-সভাপতি ক্ষীৰোদ নাথ দাসে। পতকা উত্তোলন কৰে দিখৌপৰীয়া সন্মিলীত যুৱ সংঘৰ সভাপতি ৰতন শইকীয়াই।
ইয়াৰ পিছতেই আৰম্ভ হয় সদৌ অসম ভিত্তিত একক আৰু দ্বৈত শাখাৰ ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগীতা। ভূপেনদাৰ চিৰযুগমীয়া গীতৰ কলি দুটা গাই প্ৰতিযোগীতা মুকলি কৰে কমল কটকীয়ে।

অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে উক্ত প্ৰতিযোগীতাত। ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগীতাত বিচাৰক হিচাপে অংশ গ্ৰহণ কৰে ভূপেনদাৰ লগত বাদ্যযন্ত্ৰী হিচাপে থকা কমল কটকী, আশা কটকী আৰু মৃদুল ভূঞাই।
সন্ধিয়ালৈ বটাঁ বিতৰণী আৰু সাংস্কৃতিক আনুষ্ঠান অনুষ্ঠিত হ’ব। সাংস্কৃতিক অনুষ্ঠানত শিৱসাগৰৰ অডিঅ চিটিৰ শিল্পীসকলে গীত পৰিবেশন কৰিব।













