ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত জব্দকৃত ড্ৰাগছৰ ৰাজহুৱা দাহ কাৰ্যসূচীত মুখ্যমন্ত্ৰী

ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা অব্যাহত থাকিব : মুখ্যমন্ত্ৰী

News Desk by News Desk
July 17, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : “যিদৰে মাঘৰ মেজিৰ জুইত সমাজৰ সকলো অসূয়া বিপত্তি, অমংগল দূৰ কৰে, ঠিক সেইদৰে আজিৰ ড্ৰাগছ দাহৰ জুইয়ে ৰাজ্যত ড্ৰাগছৰ ভয়াবহতা নিঃশেষ কৰিবলৈ সক্ষম হ’ব” আজি ডিফুত পোন প্ৰথম বাৰৰ বাবে আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ দাহ কাৰ্যসূচীত উপস্থিত থাকি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰি অসমৰ নৱপ্ৰজন্মক অন্ধকাৰলৈ ঠেলি নিয়া বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হবলৈ নিৰ্দেশ দিয়াৰ পিছত এইক্ষেত্ৰত আৰক্ষীয়ে এক মুকলি জেহাদ ঘোষণা কৰি বিগত দুটা মাহত ডেৰশ কোটিতকৈ অধিক মূল্যৰ ড্ৰাগছৰ লগতে ডেৰহাজাৰ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজ্যজুৰি জব্দহোৱা এই বৃহৎ পৰিমাণৰ নিচাযুক্ত ড্ৰাগছখিনি দুদিনীয়া কাৰ্যসূচীৰে অসমৰ চাৰিঠাইত ৰাজহুৱাকৈ দাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তাৰে অংশ স্বৰূপে আজি ডিফুস্থিত পাঁচমাইলৰ কাৰবি আংলং ক্ৰীড়াসন্থাৰ খেলপথাৰত হেলিকাপ্তাৰ যোগে উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰাগছখিনি দাহ কৰে ৷

ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ই অসমৰ বাবে ঐতিহাসিক ক্ষণ ৷ পূৰ্বে অসমৰ চুবুৰীয়া ৰাজ্যসমূহত ড্ৰাগছৰ ব্যৱহাৰ বা প্ৰচলন আছিল যদিও শেহতীয়াকৈ অসমৰ মূল ভূখণ্ডতো বৰবিহ সদৃশ ড্ৰাগছৰ অবাধ প্ৰচলন দেথা গৈছে ৷ অসমৰ নৱ প্ৰজন্মক ড্ৰাগছে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ৷ একাংশ উগ্ৰপন্থী সংগঠনে ড্ৰাগছ আসক্ত যুৱ প্ৰজন্মক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে যদিও এই ক্ষেত্ৰত আলফাক মুখ্যমন্ত্ৰী গৰাকী কোনো দোষাৰোপ কৰা নাই ৷ তেওঁ ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে লোৱা সবল স্থিতি আৰু অসম আৰক্ষীয়ে এই ক্ষেত্ৰত লাভ কৰা সবল স্থিতি সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ ড্ৰাগছৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ ভাবে যুজ দিবলৈ আহ্বান জনায় ৷ ড্ৰাগছ চক্ৰ বিৰুদ্ধে চলোৱা অভিযানত আইন সংগত অভিযান চলাবলৈ আৰক্ষীক পূৰ্ণ স্বাধীনতা প্ৰদান কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ ড্ৰাগছ মাফিয়াৰ পৰা উৎকোছ প্ৰত্যাখান কৰা সহাসী হোমগাৰ্ড বৰচিং ক্ৰ’কো এইছেগতে পুণৰ ধন্বাদ আৰু শলাগ লয় ৷ কাৰবি আংলং এখন ৰাজ্যিক পৰ্যায়ৰ বিশ্ববিদ্যালয় স্থাপন কৰাৰ লগতে এছপিজি পৰ্যায়ৰ এটা কামাণ্ডো বেটেলিয়নৰ গোট গঠন কৰা হব বুলি মন্তব্য কৰাৰ লগতে পৰৱৰ্তী বাজেটত জিলাখনত এখন বিমান বন্দৰো নিৰ্মান কৰা হব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়যে, বিগত দুটা মাহত ৰাজ্যত ড্ৰাগছ সৰবৰাহ সংক্ৰান্তীয় ৮৭৪ টা গোছৰ পঞ্জীয়ন হোৱাৰ লগতে ১৪৯৩ জন লোকক ড্ৰাগছ সৰবৰাহৰ বাবে গ্ৰেপ্তাৰ হোৱা বুলি জানিবলৈ দিছে ৷

উল্লেখিত সময়ছোৱাৰ ভিতৰত আৰক্ষীয়ে ৰাজ্ত ৩৯,৯৬,৩৮৯৬০ টকা মূল্যৰ, ১৯’৯৮২ কিঃগ্ৰাম হেৰইন, ৪১,৩৮,৩২,৩৫০ টকা মুল্যৰ ৮২৭৬’৬৪৭ কিঃগ্ৰাম গাঞ্জা, ৭২,৪৫,১৩৫ টকা মূল্যৰ ১৪,৪৯০২৭ কিঃগ্ৰাম কানি, ৪,৭৩,৫৫,০০০ টকা মূল্যৰ ৬৭,৬৫০ বটল কফ চিৰাপ, ৬৪,৬৮,১৪,০০০ টকা মূল্যৰ ২২৯৩৬২৮ টা নিচাযুক্ত টেবলেট, ৯৬,৪৬,০০০ টকা মূল্যৰ ১,৯২৯২ কিঃগ্ৰাম মাৰফিন, ৬,৬২৮০,০০০ টকা মূল্যৰ ৩৩১৪ কিঃগ্ৰাম শুকান আফুগুটি, ১,০৯,৩৮,৭৬২ টকা নগদ ধন, ১৩,৬৩০ টকা বিদেশী নোট আৰু এফআইচিএন ৬,৮০০০ জব্দ কৰা হৈছে ৷ ইয়াৰোপৰি ৩১ বিঘা ৩ কঠা ১২ লোছা মাটিৰ ভাং খেতি নষ্ট কৰা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

** ডিফুত মৰফিন ১১’৮৮ কেজি, হেৰইন ৩’৪৮ কেজি, মেথামফেটামাইন ২’৮৯ কেজি, গাঞ্জা ১০২’৯১ কেজি নিচাযুক্ত টেবলেট ২,০৩,৩৮৯ টা মুখ্যমন্ত্ৰীৰ উপস্থিতি জুই জলাই সমূলি নষ্ট কৰা হয় ৷ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শূন্য সহনশীলতাৰে অগ্ৰসৰ হব আৰু ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰা সফলতাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে গৃহমন্ত্ৰী অমিত শ্বাহ নাগালেণ্ড আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় ৷ আজিৰ কাৰ্যসুচীত উপস্থিত থকা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্ত আৰু কাৰ্বি আংলং মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ড্ৰাগছৰ ভয়াবহতাৰ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

July 7, 2026
50
Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ
National-International

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

July 7, 2026
50
Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’
Social Media

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026
50
Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা
National-International

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

July 7, 2026
Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

July 7, 2026
Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx