ছাইদুল ইছলাম
ডিফু : অসম-নাগালেণ্ড সীমান্তত অব্যাহত থকা অবৈধ ড্ৰাগছৰ সৰবৰাহৰ সমান্তৰালকৈ শেহতীয়াকৈ দুষ্পেৰাপ্য কেঁকো সাপ আৰৱ বনৰৌৰৰ বাকলিৰ সৈতে দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিমাপুৰৰ পৰা বিক্ৰীৰ উদ্দেশ্যে কেঁকোসাপ আৰু বনৰৌৰ বাকলিখিনি অনা হৈছিল বুলি জানিব পৰা গৈছে ।
গুৱাহাটীৰ পৰা অহা Wild life crime control bureau-ৰ এটা দলৰ গোপন খবৰৰ ভিত্তিত বোকাজান আৰক্ষী আৰু বোকাজানৰ বন বিভাগৰ যৌথ উদ্যোগত উদ্ধাৰ কৰে কেঁকোসাপ কেইটা আৰু বনৰৌৰ বাকলিখিনি ।
সৰ্বমুঠ ১২টা কেঁকোসাপ আৰু ১২ কিলোগ্ৰাম বনৰৌৰ বাকলি থকা বুলি বন বিভাগে জানিবলৈ দিয়ে।
সৰবৰাহৰ সৈতে জড়িত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে তাৰে এজন IRBN-ৰ যোৱান ধৃত খত’ ৰিখ’ আৰু এজন ইলুংহেও কোৱামে’ ই নিজকে ছাত্ৰ বুলি চিনাকি দিছে ।