![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম আৰক্ষীৰ বাবে দু-খবৰ। ভাৰতীয় আৰক্ষীৰ সেৱা অসম কেডাৰ অনুৰাগ টাংখা আৰু নাই। দীৰ্ঘদিন কেঞ্চাৰ ৰোগত আক্রান্ত হৈ সোমবাৰে দিল্লীত শেষনিশ্বাস ত্যাগ জ্যেষ্ঠ আইপিএছ বিষয়াগৰাকী।
ডেপুটেচন বি.পি আৰ এণ্ড ডিত কৰ্মৰত টাংখা অসম আৰক্ষীত মহাপৰিদৰ্শক পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰিছিল। ইফালে জ্যেষ্ঠ আইপিএছ বিষয়াগৰাকী মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।













