![]()
অজন্তা তালুকদাৰ
বোকাখাত : চলিত বিধানসভাৰ বাজেট অধিৱেশনৰ বাজেটত উল্লেখিত ৫ খন চিকিৎসা মহাবিদ্যালয়ৰে গোলাঘাট জিলাৰ বাবে প্ৰস্তাৱিত মহাবিদ্যালয়খন বোকাখাতত মহকুমাত স্থাপনৰ দাবী উত্থাপন হৈছে। নুমলীগড় শোধনাগাৰৰ বাবে ন’ডেভেলপমেন্ট জ’ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ইক’চেনছিটিভ জ’ন ৰূপে চিহ্নিত বোকাখাত উন্নয়ন ৰহিত অঞ্চলৰূপে চিহ্নিত হৈছে। এনে প্ৰেক্ষাপটত বোকাখাতত গঢ়ি নুঠে কোনো উদ্যোগ। গতিকে বোকাখাতত স্থাপন হ’ব পাৰে কেৱল শৈক্ষিক উদ্যোগ। বোকাখাতৰ উন্নয়নৰ বাবে সেয়েহে চিকিৎসা মহাবিদ্যালয়খন বোকাখাতত স্থাপনৰ সজোৰে দাবী উত্থাপন হৈছে।
আজি বোকাখাতৰ তিনিটাকৈ সাংবাদিক সংগঠনে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে স্মাৰক-পত্ৰ। বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাৱ, ইলেকট্ৰনিক মিডিয়া জাৰ্নালিষ্ট এচ’চিয়েচনে যৌথভাৱে স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ।
ইফালে, বোকাখাত নাট্য মন্দিৰত আজি একে প্ৰসংগতে সমবেত হৈছে কেইবাটাও সংগঠনৰ প্ৰতিনিধি। গোৰ্খা ছাত্ৰ সন্থা, আটছা, টাই আহোম ছাত্ৰ সন্থা, চুতীয়া জাতি ছাত্ৰ সন্থাৰ লগতে বোকাখাতৰ ভালে কেইগৰাকী সাংবাদিকৰ উপস্থিতিত এক অনানুষ্ঠানিক আলোচনাত, চলিত সপ্তাহৰ ভিতৰতে বোকাখাতৰ সকলো ৰাজনৈতিক অৰাজনৈতিক দল-সংগঠন, ছাত্ৰ আৰু যুৱ সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সভাই বোকাখাতত চিকিৎসা মহাবিদ্যালয়ৰ দাবী সজোৰে উত্থাপন কৰিব। যোৱা বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ বোকাখাতলৈ অহা তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাত এখন চিকিৎসা মহাবিদ্যালয় হ’ব আৰু সেইখন বোকাখাততে হ’ব বুলিও ইংগিত দিছিল।













