![]()
অজন্তা তালুকদাৰ
বোকাখাত : ২০১৯ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ডাঃ নেহা যাদৱে আজি বোকাখাত মহকুমাৰ মহকুমাধিপতি হিচাপে যোগদান কৰে। আজি দিনৰ ১১ বজাত নৱনিযুক্ত মহকুমাধিপতি ডাঃ নেহা যাদৱে বিদায়ী মহকুমাধিপতি বিপুল দাসৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।
উল্লেখযোগ্য যে, বোকাখাতৰ মহকুমাধিপতি হিচাপে যোগদান কৰাৰ পূৰ্বে ডাঃ নেহা যাদৱে ধুবুৰী জিলাত সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত আছিল। আনহাতে, পূৰ্বৰ মহকুমাধিপতি বিপুল দাসৰ কৰিমগঞ্জ জিলালৈ অতিৰিক্ত উপায়ুক্ত হিচাপে বদলি হৈছে। দায়িত্বভাৰ গ্ৰহণ কৰি নৱনিযুক্ত মহকুমাধিপতিগৰাকীয়ে কাৰ্য্যালয়ৰ প্ৰতিটো বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে চিনাকি হোৱাৰ লগতে কামকাজৰ বুজ লয়।













