![]()
নিউজ ডেস্কঃ
বছৰ পূৰ্বে মণিপুৰত চৰকাৰ বছাবৰ বাবে যুঁজিবলগা হৈছিল গেৰুৱা শিবিৰ। এইবাৰ উক্ত ৰাজ্যতেই অস্তিত্বৰ সংকটত কংগ্রেছ। গোষ্ঠীদ্বন্দ্বৰ ফলত মঙ্গলবাৰে মণিপুৰ প্রদেশ কংগ্রেছ সভাপতিৰ পদৰ পৰা ইস্তফা দিলে গোবিন্দদাস কোন্থাজমে। তাকে লৈ এতিয়া গৰম ৰাজ্যখনৰ ৰাজনীতি। সূত্র মতে, তেওঁ বিজেপিত যোগদান কৰিবলৈ আগবাঢ়িছে। লগত ৭ কংগ্রেছ বিধায়কক লৈয়ে গেৰুৱা শিবিৰত নাম লিখাবলৈ আগবাঢ়িছে তেওঁ।
২০১৭ চনত মণিপুৰ বিধানসভা নির্বাচনত ৬০খন আসনৰ ভিতৰত কংগ্রেছে পাইছিল ২৮খন আসন। বিজেপিয়ে লাভ কৰিছিল ২১খন আসন। কিন্তু এনপিপিৰ ৪খন আসন, এনপিএফৰ ৪খন আসন, তৃণমূলৰ ১খন আসন আৰু এনজেপিৰ এখন আসন আৰু ১ নির্দলীয় বিধায়কৰ সমর্থনত ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল। ইয়াৰ পিছত আৰু ৭ জন কংগ্রেছ বিধায়কে পদত্যাগ কৰি বিজেপিত যোগ দিয়াত তেওঁলোকে দলত্যাগ বিৰোধী আইনত বিধায়ক পদ হেৰুৱাবলগা হয় ।













